/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/kashm.jpg)
ডিজিটেল ডেস্ক: বীৰত্ব আৰু মেধাপূৰ্ণ সেৱাৰ বাবে জম্মু-কাশ্মীৰ আৰক্ষীক যি পদক দিয়া হয় সেই পদকত থকা শ্বেইখ মহম্মদ আব্দুল্লাৰ ছবি আঁতৰোৱা হৈছে। উল্লেখ্য যে,ভাৰতত কাশ্মীৰ চামিল হোৱাৰ সময়ত বিশেষ ভূমিকা পালন কৰিছিল এই গৰাকী নেতাই। সেয়েহে তেওঁৰ নামত জম্মু-কাশ্মীৰ আৰক্ষীত শ্বেৰ-এ-কাশ্মীৰ নামৰ এটা মেডেল প্ৰদান কৰি অহা হৈছিল।
জম্মু-কাশ্মীৰ প্ৰশাসনে পূৰ্বৰ মু্খ্যমন্ত্ৰী শ্বেইখ আব্দুল্লাৰ ফটো ৰাষ্ট্ৰীয় প্ৰতীকৰ পৰা সলনি কৰাৰ লগতে তেওঁৰ নামত দি অহা শ্বেৰ-এ-কাশ্মীৰ মেডেলৰ নাম সলনি কৰি জম্মু-কাশ্মীৰ পুলিচ মেডেল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰশাসনৰ এই সিদ্ধান্তক শ্বেইখ আব্দুল্লাই স্থাপিত কৰা নেছনেল কনফাৰেন্সৰ লগতে অন্য বহু দল সংগঠনে সমালোচনা কৰে।
উল্লেখ্য যে, কাশ্মীৰক ভাৰতত অন্তৰ্ভুক্ত কৰাত আব্দুল্লাৰ যথেষ্ঠ অৰিহণা আছে। লগতে ১৯৪৭ চনত কাশ্মীৰ দখল কৰিবলৈ বিচৰা পাকিস্তানী আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে থিয় দিছিল।
আৰু পঢ়ক: কিয় বিচাৰিব ধন! পঞ্জাৱত ঘোচখোৰ মন্ত্ৰীৰ বিৰুদ্ধে কাঢ়া একশ্যন, উচুপিল কেজৰিবাল…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us