/asomiyapratidin/media/media_files/2025/06/28/ujuj-2025-06-28-09-48-41.jpg)
ডিজিটেল ডেস্কঃ মাত্ৰ ৪২বছৰ বয়সতে ইহসংসাৰ ত্যাগ কৰিলে ’কাঁটা লাগা’ গাৰ্ল শ্বেফালী জাৰিৱালাই। অভিনেত্ৰীগৰাকীৰ মৃত্যুত বলিউদত পৰিছে শোকৰ ছাঁ। কিছুদিনৰ পূৰ্বে বিগ বছতো দেখা হৈছিল শ্বেফালীক। হৃদজনিত ৰোগত আক্ৰান্ত হৈ শ্বেফালীৰ মুম্বাইৰ এখন হস্পাতালত মৃত্যু হয়।
শ্বেফালীৰ মৃত্যুৰ পাছতে শোকৰ ভাগি পৰিছে স্বামী পৰাগ ত্যাগী। হস্পাতালৰ পৰা দুখমনেৰে ওলাই অহা দেখা গৈছিল স্বামী পৰাগক। শ্বেফালীয়ে তেওঁৰ জীৱনৰ শেষ ইচ্ছাৰ কথা ব্যক্ত কৰিছিল স্বামীক। কাৰ্টা লাগা গাৰ্ল হিচাপে খ্যাত শ্বেফালীয়ে বিচাৰিছিল যে, মৃত্যু পৰ্যন্ত তেওঁক মানুহে সেই নামেৰেই মনত ৰাখক।
শ্বেফালীয়ে কৈছিল যে, সমগ্ৰ বিশ্বত কাৰ্টা লাগা গাৰ্ল বুলি কলে মোৰ কথাই সকলোৰে মনত আছে। আইটেম চং বহুতে কৰে, কিন্তু এই গানটোৱে সকলোৰে মনত ঠাই লৈছিল। মোৰ জীৱনৰ যদি কোনো শেষ ইচ্ছাৰ কথা সোধা নহয়, তেন্তে মই কম যে মোক সদায় মানুহে কাৰ্টা লাগা গাৰ্ল হিচাপেই মনত ৰাখক।
উল্লেখ কৰা প্ৰয়োজন যে, ৯০দশকত শ্বেফালীৰ ৰূপে এক আলোড়নৰ সৃষ্টি কৰিছিল। অভিনেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ঘৰত মূৰ্ছা যায় তেওঁৰ মাতৃ। আজি শেষকৃত্য সম্পন্ন কৰা হব অভিনেত্ৰীগৰাকীৰ।