/asomiyapratidin/media/media_files/2025/02/16/eQ8ig7t987RPJjgSCrTb.jpg)
প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশংসাত পঞ্চমুখ শশী থাৰুৰ।
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰ। বিৰোধী নেতাগৰাকীৰ এই ৰূপ দেখি সকলোৱে নেতাগৰাকীক তীব্ৰ কটাক্ষ কৰিছিল। তীব্ৰ চৰ্চাৰ অন্তত কংগ্ৰেছ নেতাগৰাকীয়ে এই বিষয়টোক লৈ মুখ খুলিছে।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, ভাল কামক প্ৰশংসা আৰু বেয়া কামক লৈ সমালোচনা হোৱাটো সদায়েই জৰুৰী। মই সেই কথা গভীৰভাৱে বিশ্বাস কৰো আৰু ৰাজনীতিতো সেই নীতিকেই প্ৰয়োগ কৰো।
কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ পুনৰ কয় যে, নৰেন্দ্ৰ মোডীৰ এই বিদেশ ভ্ৰমণে ভাৰতীয়সকলৰ বাবে যথেষ্ট যোগাত্মক ফলাফল আনিব। কিন্তু তাৰ সমান্তৰাভাৱে আৰু কিছু বিষয়ৰ ওপৰত আমেৰিকাৰ সৈতে মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজন আছিল।
অবৈধ প্ৰৱাসী ভাৰতীয়, টেৰিফ আদি ভিন্ন বিষয়ক লৈ আলোচনা হোৱাৰ প্ৰয়োজন আছিল। কিন্তু এইক্ষেত্ৰত কোনো আলোচনা হোৱা দেখা নগল। কিন্তু ততস্বত্বেও ভাৰতৰ বাবে এই যাত্ৰাই যথেষ্ট যোগাত্মক বাৰ্তা বহন কৰিছে। যাৰ বাবে মই প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক লৈ প্ৰশংসা কৰিছিলো। আমি কেৱল দল হিচাপে নহয়, দেশৰ কথা ভাৱিও ৰাজনীতি কৰিব লাগিব।