শশাংক দাস সোঁৱৰণী ষষ্ঠ বাৰ্ষিক ৰূপালীম একাংকিকা নাট প্ৰতিযোগিতাখনিৰ সামৰণি

লংকেশ্বৰ দাস স্মৃতি ন্যা সৰ উদ্যো গত তথা হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সৌজন্যিত কামৰূপ জিলাৰ হালোগাঁৱত দুদিনীয়াকৈ অসম ভিত্তিত অনুষ্ঠিত হোৱা শশাংক দাস সোঁৱৰণী ষষ্ঠ বাৰ্ষিক ৰূপালীম একাংকিকা নাট প্ৰতিযোগিতাখনিৰ সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
বোকাখাতত চাঞ্চল্যকৰ হত্যাকাণ্ড

ডিজিটেল ডেস্ক : লংকেশ্বৰ দাস স্মৃতি ন্যা সৰ উদ্যো গত তথা হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সৌজন্যিত কামৰূপ জিলাৰ হালোগাঁৱত দুদিনীয়াকৈ অসম ভিত্তিত অনুষ্ঠিত হোৱা শশাংক দাস সোঁৱৰণী ষষ্ঠ বাৰ্ষিক ৰূপালীম একাংকিকা নাট প্ৰতিযোগিতাখনিৰ সামৰণি পৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১২টা দলৰ মাজত হোৱা এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা অসম বিজেপিৰ ৰাজ্যিোক সভাপতি দিলীপ শইকীয়া। 

উক্ত প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে নলবাৰীৰ প্ৰজন্ম নাট্যদলে। দলটোৱে বাঘ নাটকৰ বাবে এই সন্মান লাভ কৰে। একেদৰে দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে শদিয়াৰ লাইট ফৰ লাইফ নাট্যদলে। তেওঁলোকে হেড ছাৰ নাটকৰ বাবে এই সন্মান লাভ কৰে। আনহাতে তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে নলবাৰীৰ দীনবন্ধু নাট্যদলে। তেওঁলোকে এটা বিমূৰ্ত নিশাৰ গান নাটকৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হয়।

আয়োজক সমিতিয়ে জনোৱা অনুসৰি বঁটাপ্ৰাপকসকলৰ তথ্যা এনেধৰণৰ - 
১) শ্ৰেষ্ঠ দল - নলবাৰীৰ প্ৰজন্ম, নাটক “বাঘ”।
২) ২য় শ্ৰেষ্ঠ দল - শদিয়াৰ লাইট ফৰ লাইফ, নাটক “হেড ছাৰ”।
৩) ৩য় শ্ৰেষ্ঠ দল - নলবাৰীৰ দীনবন্ধু নাট্যট গোষ্ঠী, নাটক “এটা বিমূৰ্ত নিশাৰ গান”।

৪) শ্ৰেষ্ঠ পাণ্ডুলিপি - নাটক “হেড ছাৰ”- নাট্য কাৰ - ৰাজীৱ লোচন বৰা।
৫) শ্ৰেষ্ঠ পৰিচালক - কিশোৰ চক্ৰৱৰ্তী, নাটক – বাঘ।

৬) শ্ৰেষ্ঠ অভিনেতা - মনোজ বৰুৱা। চৰিত্ৰ - হেড ছাৰ, নাটক - হেড ছাৰ।

৭) শ্ৰেষ্ঠ অভিনেত্ৰী - বনলতা দেৱী, চৰিত্ৰ – গোঁসানী। নাটক - এঙাৰ, বনলতা ক্ৰিয়েচন, ছিপাঝাৰ।

৮) শ্ৰেষ্ঠ সহ অভিনেতা - আনন্দ ভৰালী, চৰিত্ৰ- মোহিত, নাটক - এটা বিমূৰ্ত নিশাৰ গান।
৯) শ্ৰেষ্ঠ সহ অভিনেত্ৰী - পৰিস্মিতা দত্ত, চৰিত্ৰ- লীনা বৌ। নাটক - এটা বিমূৰ্ত নিশাৰ গান।

১০) শ্ৰেষ্ঠ শিশু শিল্পী - কৃষ্টিয়ানা তালুকদাৰ, চৰিত্ৰ - হিয়া, নাটক - “প”।

১১) বিচাৰকৰ বিশেষ বঁটা - চানী ডেকা, চৰিত্ৰ- কৰবী মহন্ত। নাটক - হানী ট্ৰেপিং।

নাটক