দেউতাকে থৈ যোৱা এখন কাগজৰ বাবেই ৮০কোটি টকা পালে পুত্ৰই...

ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিল এগৰাকী যুৱক। আগদিনালৈকে ধনৰ অভাৱত থকা যুৱকজনৰ হাতলৈ হঠাতে আহিল প্ৰায় ৮০কোটি টকা।এই ঘটনা শুনাৰ পাছত পুনৰ এবাৰ সকলোৱে কব

New Update
ededaaa

ডিজিটেল ডেস্কঃ ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰিল এগৰাকী যুৱক। আগদিনালৈকে ধনৰ অভাৱত থকা যুৱকজনৰ হাতলৈ হঠাতে আহিল প্ৰায় ৮০কোটি টকা। এই ঘটনা শুনাৰ পাছত পুনৰ এবাৰ সকলোৱে কব যে, ভগৱানে যেতিয়া দিয়ে সকলোখিনি উজাৰি দিয়ে। 

Advertisment

যুৱকগৰাকীৰ নাম সৌৰভ দত্ত। পিতৃ বিয়োগৰ প্ৰায় ৩৫বছৰৰ পিছত পিতৃৰ বিশেষ কোঠাত সৌৰভে লাভ কৰিছিল কেইখনমান বিশেষ নথি-পত্ৰ। সেই নথি-পত্ৰকেইখন পৰীক্ষা কৰি সৌৰভে দেখিলে যে, প্ৰায় ১৯৯০চনতে তেওৰ পিতৃয়ে ক্ৰয় কৰিছিল বিজয়নগৰ জিন্দাল ষ্টীল লিমিটেডৰ শ্বেয়াৰ। প্ৰায় ১লাখ টকাত ক্ৰয় কৰিছিল এই শ্বেয়াৰ।

পিতৃয়ে কোনোদিনে এই কথা পৰিয়ালক কোৱা নাছিল। পিতৃ বিয়োগৰ পাছত এই নথি-পত্ৰ পুত্ৰই পৰীক্ষা-নিৰীক্ষা কৰি দেখে যে, এই ১লাখ টকাৰ শ্বেয়াৰৰ মূল্য এতিয়া প্ৰায় ৮০কোটি টকা। অৱশ্যে এই ৮০কোটিৰ ৩০শতাংশ ধন আয়কৰ হিচাপে দিব লাগিব সৌৰভে।

সৌৰভে এই সকলো কথা চালি-জাৰি চোৱাৰ পিছতে এতিয়া সমস্ত ধনৰ বাবে জিন্দাল গ্ৰুপক আবেদন কৰিছে। জিন্দাল গ্ৰুপেও তেওক সহাৰি জনাইছে। পুত্ৰ সৌৰভে পিতৃক স্মৰণ কৰি কয় যে, ৯০দশকত দেউতাই ৮০০টকা দৰমহা পোৱা বুলি জানিছিলো। সেই সময়তে তেও ১লাখ টকাৰ শ্বেয়াৰ কিনি দূৰদৰ্শী মনৰ পৰিচয় দিছিল। সৌৰভৰ ঘৰ মধ্যপ্ৰদেশত।

শ্বেয়াৰ মাৰ্কেট