ঐতিহাসিক দিনজয় সত্ৰত মায়ামৰা ৰীতি-নীতিৰে শৰণ পৰ্ব অনুষ্ঠান

ৰহমৰীয়া হাঁহৰিয়াল, গোৱালচুক আৰু ভাটি মাইজান গাঁৱৰ ১৯১ গৰাকী পুৰুষ- মহিলাই দিনজয় সত্ৰত শৰণ গ্ৰহণ কৰে। শৰণ গ্ৰহণ কৰিবলৈ অহা প্ৰতিগৰাকী পুৰুষক নীতি- নিয়ম অনুসৰি মুণ্ডন কৰা হয়

author-image
Asomiya Pratidin
New Update
দিনজয় সত্ৰত মায়ামৰা ৰীতি-নীতিৰে শৰণ পৰ্ব অনুষ্ঠান

দিনজয় সত্ৰত মায়ামৰা ৰীতি-নীতিৰে শৰণ পৰ্ব অনুষ্ঠান

ডিজিটেল সংবাদ, চাবুৱা : ৰহমৰীয়া হাঁহৰিয়াল, গোৱালচুক আৰু ভাটি মাইজান গাঁৱৰ ১৯১ গৰাকী পুৰুষ- মহিলাই দিনজয় সত্ৰত শৰণ গ্ৰহণ কৰে। শৰণ গ্ৰহণ কৰিবলৈ অহা প্ৰতিগৰাকী পুৰুষক নীতি- নিয়ম অনুসৰি মুণ্ডন কৰা হয় ।

একাদিক্ৰমে দিনজয় বৰ নামঘৰ প্ৰাংগণত শৰণ গ্ৰহণ কৰিবলৈ অহা প্ৰতিগৰাকী ব্যক্তিক এখন নিখুঁত কলপাতত ৮০ খিলা পাণ মেৰিয়াই দিয়া টোপোলা অৰ্পণ কৰি শীতল পানী বৰ পুখুৰীলৈ পৰম্পৰা নীতিৰে আগবঢ়াই নিয়ে । বৰপুখুৰীৰত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ পৰম্পৰা ৰীতি নীতিৰে প্ৰতিগৰাকী ব্যক্তিক তিনি বাৰ পানী ডুব মৰাৰ পাছত অষ্টাং ভংগীমাৰে সত্ৰাধিকাৰ চৰণত সেৱা গ্ৰহণ কৰে । 

উল্লেখযোগ্য যে শৰণগ্ৰহণৰ অনুষ্ঠানত চাবুৱাৰ ভিন্ন প্ৰান্তৰ শতাধিক লোক সমবেত হোৱা  পৰিলক্ষিত হয় ।

নামঘৰ