শান্তিজান নৈৰ তীৰত পদ গোপাল নামেৰে নৱনিৰ্মিত ঘাট মুকলি

মাংগলিক উৰুলি, হৰিধ্বনিৰ মাজেৰে ফিটা কাটি, নাৰিকল ভাঙি ঘাটতো মুকলি কৰি ইন্দ্ৰকান্ত মহন্তই ঐতিহ্যমণ্ডিত শান্তিজান নৈ পাৰত ৰাইজৰ বাবে ঘাটতো নিৰ্মাণ কৰা গোপাল চন্দ্ৰ কলিতাক শুভাশিস প্ৰদান কৰে

author-image
Asomiya Pratidin
New Update
n

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান নৈৰ তীৰত আজি এটি নৱনিৰ্মিত ঘাট ৰাইজৰ বাবে মুকলি কৰা হয়। বটদ্ৰৱা শলগুৰি সত্ৰৰ ভকত, জেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত সৈনিক গোপাল চন্দ্ৰ কলিতাই তেখেতৰ পিতৃ প্ৰয়াত পদৰাম নামলগোৱা আৰু মাতৃ প্ৰয়াত পদ্মেশ্বৰী কলিতা নামত উৎসৰ্গা কৰি নিৰ্মাণ কৰা আটকধুনীয়া ঘাটতো মুকলি কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্তই।

Advertisment

 মাংগলিক উৰুলি, হৰিধ্বনিৰ মাজেৰে ফিটা কাটি, নাৰিকল ভাঙি ঘাটতো মুকলি কৰি ইন্দ্ৰকান্ত মহন্তই ঐতিহ্যমণ্ডিত শান্তিজান নৈ পাৰত ৰাইজৰ বাবে ঘাটতো নিৰ্মাণ কৰা গোপাল চন্দ্ৰ কলিতাক শুভাশিস প্ৰদান কৰে। লগতে আজিৰ পৰা ঘাটতো "পদ গোপাল" হিচাপে নামাকৰণ কৰে।

মাংগলিক অনুষ্ঠানটিত তৰুলতা কলিতা, নৰহৰি কলিতা, ইলা কলিতা, খগেন কলিতা, ৰীনা কলিতা, হৰেন চন্দ্ৰ কলিতা, হিমা বৰাকে আদি কৰি পৰিয়ালবৰ্গৰ লগতে ভকত বৈষ্ণৱ, আইমাতৄ সকল উপস্থিত থাকে।

বটদ্ৰৱা