Advertisment

শংকৰদেৱ শিশু নিকেতন মথুৰাপুৰৰ ৰূপালী জয়ন্তীৰ লাইখুঁটা স্থাপন

চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন মথুৰাপুৰৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান বিদ্যালয়খনিৰ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা ১৭ আৰু ১৮ জানুৱাৰীত উদযাপন কৰিব লোৱা হৈছে

author-image
Asomiya Pratidin
New Update
Shankardev Shishu Niketan Mathurapur

Shankardev Shishu Niketan Mathurapur

ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন মথুৰাপুৰৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান বিদ্যালয়খনিৰ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা ১৭ আৰু ১৮ জানুৱাৰীত উদযাপন কৰিব লোৱা হৈছে। এই উপলক্ষত সোমবাৰে এক মা‍ংগলিক পৰিবেশত ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাৰ উপলক্ষত নিৰ্মাণ কৰিব লোৱা মণ্ডপৰ লাইখুঁটা স্থাপন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উমেশ হাটিমূৰীয়াই ৷

Advertisment

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিদ্যালয়খনিৰ ছাত্ৰ -ছাত্ৰীসকলে দ্বীপজ্যোতি পৰিৱেশন কৰে ৷
এই অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি মুনিন ৰাজকোঁৱৰ, প্ৰধান আৰ্চায টুটুমণি বৰগোহাঁই, সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁই , উদযাপন সমিতিৰ যুটীয়া সম্পাদক মোহন কোঁৱৰ আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া ৰজনী গগৈকে ধৰি বিদ্যালয়খনিৰ আচাৰ্য- আচাৰ্যা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

চৰাইদেউ