![0](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/16/X816uxWv0QnEN6UBWDNb.jpg)
ডিজিটেল ডেস্কঃ ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ পিছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে তাৰকা অলৰাউণ্ডাৰ ছাকিব আল হাছানক কঠোৰ শাস্তি প্ৰদান কৰে। ছেপ্টেম্বৰ মাহত ভাৰতৰ বিৰুদ্ধে অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা ছাকিব আল হাছানক নিষিদ্ধ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচত বলিং কৰাৰ পৰা ।
শুকুৰবাৰে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে তেওঁৰ বলিং কাৰ্য্য অবৈধ বুলি ধৰা পৰাত তেওঁক নিষেধাজ্ঞা আৰোপ কৰিছিল। ইয়াৰ পিছত বিচিবিয়েও তেওঁলোকৰ দেশত তেওঁৰ বলিং নিষিদ্ধ কৰে। এতিয়া ছাকিবে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বলিং কৰিব নোৱাৰিব।
আচলতে চাকিব আল হাছানে কাউন্টি ক্ৰিকেট খেলিছিল। তেওঁ ছাৰে দলৰ অংশ। কাউন্টি ক্ৰিকেটত ছাৰেৰ হৈ ছামাৰচেটৰ বিৰুদ্ধে খেলা মেচখনৰ প্ৰথম ইনিংছত ১২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত শূন্যৰ বাবে আউট হৈছিল। এই মেচত ছাকিবে মাৰাত্মক বলিং কৰিছিল।
দুয়োটা ইনিংছতে তেওঁ ৯টা উইকেট দখল কৰিছিল যদিও ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে তেওঁৰ বলিং কাৰ্য্যক অবৈধ বুলি ঘোষণা কৰিছে। ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ নিয়ম অনুসৰি হাতৰ কব্জি ১৫ ডিগ্ৰীতকৈ বেছি ঘূৰাব নোৱাৰি। ইয়াৰ বাবেই বিচিবিয়েও ইচিবিৰ এই সিদ্ধান্ত মানি লৈ বাংলাদেশৰ বাহিৰত যিকোনো আন্তঃৰাষ্ট্ৰীয় মেচ আৰু বিদেশী প্ৰতিযোগিতাত বলিং কৰাত বাধা আৰোপ কৰিছিল ছাকিবক।
বাংলাদেশ ক্ৰিকেট বৰ্ডে কয় যে ইচিবিৰ মূল্যায়নৰ ফলাফলক আইচিচিয়ে স্বীকৃতি দিছে। ইয়াৰ বাবেই ছাকিবে আইচিচিৰ স্বীকৃতিপ্ৰাপ্ত টেষ্টিং চেণ্টাৰত নিজৰ বলিং একচনৰ পুনৰ মূল্যায়ন কৰিব লাগিব। এই পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁৰ এই কাৰ্য্যত কোনো ত্ৰুটি নাই বুলি প্ৰমাণ কৰিলেহে তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু বিদেশী লীগত বলিং কৰিবলৈ দিয়া হ’ব।বলিঙত নিষেধাজ্ঞা থকাৰ পিছতো ছাকিবে বাংলাদেশৰ ঘৰুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব ।