ছলমানৰ পিছত এইবাৰ শ্বাহৰুখ খান! কোনে দিলে হত্যাৰ ভাবুকি...

ছলমানৰ পিছত এইবাৰ শ্বাহৰুখ খান! কোনে দিলে হত্যাৰ ভাবুকি...

author-image
Asomiya Pratidin
New Update
ছলমানৰ পিছত এইবাৰ শ্বাহৰুখ খান! কোনে দিলে হত্যাৰ ভাবুকি...

ডিজিটেল ডেস্কঃ জন্মদিনৰ ৫ দিনৰ পাছতেই মৃত্যুৰ ভাবুকি আহিছে বলিউডৰ কিং খানলৈ। অভিনেতা ছলমান খানৰ পিছত এইবাৰ শ্বাহৰুখ খানলৈ আহিছে মৃত্যুৰ ভাবুকি। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, ৫ নৱেম্বৰত শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দি মুম্বাই আৰক্ষীলৈ ফোন কৰে অজ্ঞাত লোকে।

Advertisment

লগে লগে মুম্বাই আৰক্ষী প্ৰশাসনৰ মাজত হৈ চৈ সৃষ্টি হয়। বান্দ্ৰা আৰক্ষীয়ে শ্বাহৰুখ খানৰ ভাবুকি সন্দৰ্ভত ইতিমধ্যে ৩০৮ (৪) আৰু ৩৫১ (৩) (৪) ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা মতে, শ্বাহৰুখ খানক ভাবুকি প্ৰদান কৰা লোকজন ৰায়পুৰৰ ফৈজান খান।

ইতিমধ্যে আৰক্ষীৰ এটা দল ৰায়পুৰত উপস্থিত হৈছে। অভিযুক্ত লৰেন্স বিষ্ণৈ গেঙৰ সৈতে কোনো ধৰণে জড়িত নেকি সেই সন্দৰ্ভটো তদন্ত চলাইছে মুম্বাই আৰক্ষীয়ে। উল্লেখ্য যে, শ্বাহৰুখ খানক ভাবুকি দিয়া লোকজনে ৫০ লাখ টকা দাবী কৰা বুলি জানিব পৰা গৈছে। মুম্বাই আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে অভিনেতা শ্বাহৰুখ খান আৰু পৰিয়ালক।

Also Read: এটা ছুটকেছৰ কাৰণে বিপদত পিতৃ-কন্যা! কিন্তু কিয় ?

salman khan Shahruk khan