/asomiyapratidin/media/media_files/2024/12/11/UNV5BptXkqXHUVRocGYB.jpg)
ডিজিটেল সংবাদ, কয়াকুছি : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছি বজাৰৰ বিশিষ্ট ব্যৱসায়ী তথা আদৰ্শ খেতিয়ক শ্বহিদ দৰ্জীৰ মঙলবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি কিছুদিন ধৰি যকৃতৰ বেমাৰত ভুগি থকা দৰ্জীক ৪দিন আগেয়ে হাস্পতালত ভৰ্তি কৰিছিল। অৱশ্যে জীৱন- মৃত্যুৰে যুঁজি অৱশেষত যোৱা নিশা ৯- ১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। শ্বহিদ দৰ্জীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে কয়াকুছি অঞ্চলত শোঁকৰ ছাঁ পৰে।
ইফালে বুধবাৰে পুৱা ১১-০০ বজাত ২ নং বনবাহাৰ গাঁৱৰ আঞ্চলিক কবৰস্থানত জানাজাৰ নামাজ অনুষ্ঠিত হয়। শ্বহিদৰ মৃত্যুত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, পাকাবেতবাৰী ব্লক কংগ্ৰেছ কমিটী, কয়াকুছি কাৰবাড়ী সংঘ, কয়াকুছি প্ৰেছ ক্লাব আৰু ২ং বনবাহাৰ কবৰস্থান কমিটিয়ে শোকশন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।