মুছলপুৰত ছহিদ দিৱস পালন

আজি ১০ ডিচেম্বৰ। ছহিদ দিৱস । অসমৰ জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া ছহিদসকলক সুঁৱৰি আজিৰ দিনটোত ৰাজ্যজুৰি কৰা হৈছে স্মৰণ...

author-image
Asomiya Pratidin
New Update
zhff

ডিজিটেল সংবাদ, বাক্সা : আজি ১০ ডিচেম্বৰ। ছহিদ দিৱস । অসমৰ জাতীয় জীৱনৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া ছহিদসকলক সুঁৱৰি আজিৰ দিনটোত ৰাজ্যজুৰি কৰা হৈছে স্মৰণ । বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী থমনাত জাতীয় ছহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে পালন কৰে কেন্দ্ৰীয় ছহিদ দিৱস । 

Advertisment

উক্ত কাৰ্যসূচীত অংশ লৈ সদৌ অসম জাতীয় ছহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে কয় যে, অসম বিদেশীমুক্ত কৰাৰ যি স্বপ্ন আছিল সেয়া বাস্তৱ ৰূপ পাব লাগে । যি দলৰে চৰকাৰ গঠন নহওঁক কিয় ছহিদ পৰিয়ালসমূহলৈ সু-দৃষ্টি ৰাখিব লাগে । 

লগতে কয়- ঐতিহাসিক অসম আন্দোলনৰ বহু বীৰ-বীৰাঙ্গনা এতিয়াও আছে, কিন্তু তেওঁলোকৰ মৰ্ম বেদনা চৰকাৰে নুবুজে । অসম যেন আজিও বিদেশীৰ চৰণীয়া পথাৰ বুলি মন্তব্য কৰে নেতাগৰাকীয়ে । আজিৰ সভাত কেবাগৰাকীও বক্তাই ৬ বছৰীয়া অসম আন্দোলন আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে ।

ছহিদ দিৱস