Advertisment

বৰহোলা আছুৰ পদক্ষেপ : গণ আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু তিথিটো শ্বহীদ দিৱস হিচাপে পালন

বিগত বৰ্ষৰ দৰে দেওবাৰেও বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ইকৰাণি প্ৰাথমিক গোট ছাত্ৰ সন্থা আৰু শ্বহীদ পৰিয়ালৰ সহযোগত শ্বহীদ বেদী প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু তিথিটো শ্বহীদ দিৱস হিচাপে পালন

শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু তিথিটো শ্বহীদ দিৱস হিচাপে পালন

ডিজিটেল সংবাদ,ঘিলাধাৰী : অসম আন্দোলন ৮৩ৰ গণ আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ মৃত্যু তিথিটো বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ৷ বিগত বৰ্ষৰ দৰে দেওবাৰেও বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ইকৰাণি প্ৰাথমিক গোট ছাত্ৰ সন্থা আৰু শ্বহীদ পৰিয়ালৰ সহযোগত শ্বহীদ বেদী প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয় ৷

Advertisment

সেই উপলক্ষে পতাকা উত্তোলন কৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগে ৷ ছহিদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ছহিদৰ ভাতৃ পুতুল কলিতাই।

ইয়াৰ পিছতে ছাত্ৰ সন্থাৰ তৰফৰ পৰা ছহিদ পৰিয়ালৰ জিতু কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সম্বৰ্ধনা জ্ঞাপন কৰে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি গগৈয়ে ৷

কাৰ্যসূচীত তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাৰ্ধুয্য পাঠক উপস্থিত থাকি ভাষণত কয় যে,  ১৯৮৩ চনৰ আজি দিনটোতে আন্দোলন কৰিবলৈ ওলাই যোৱা দণ্ডেশ্বৰ কলিতাৰ পুলিচ বাহিনীৰ গুলিত প্ৰাণ গৈ ছহিদ হৈছিল । তেখেতৰ এই ত্যাগ আমি নতুন প্ৰজন্মই সদায়ে আদৰ্শ হিচাপে লৈ জাতীয় জীৱনৰ হকে কাম কৰি যাব লাগিব।

আমি ঐক্যবদ্ধভাৱে সকলো বিভাজন উফৰাই অসমৰ সমস্যাৰ সমাধানৰ বাবে মাতি যাব লাগিব। লগতে জাতিৰ জটিল সন্ধিক্ষণত সকলোকে ওলাই আহিবলৈ আহ্বান জনায়।

ভাষণত লগতে কয় যে ছহিদসকলৰ ত্যাগ জাতিক জীয়াই ৰখাৰ সংগ্ৰামৰ পথ প্ৰদৰ্শক আৰু এই ত্যাগৰ প্ৰকৃত মূল্যায়ন হওঁক অসম চুক্তিৰ নিখুঁত ৰূপায়ণৰ জৰিয়তে। সেয়ে চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ নেতাগৰাকীয়ে দাবী জনায়।

এই কাৰ্যসূচীত ইকৰাণি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক তনু নেওগ, শিক্ষক অজিত হাজৰিকা,বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু ইকৰাণি প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদককে ধৰি বিষয়ববীয়া সকল, ছহিদৰ পৰিয়ালবৰ্গৰ লগতে ভালেসংখ্যক ৰাইজ উপস্থিত থাকে ৷ সন্ধিয়া ছহিদবেদীত বন্তি প্ৰজ্বলনেৰে  কাৰ্যসূচীৰ অন্ত পৰে ৷

ছহিদ দিৱস