মূল্যবৃদ্ধি অজুহাত, ক’লা কাপোৰ পিন্ধি কংগ্ৰেছে ৰাম মন্দিৰৰ বিৰোধিতা কৰিছে: শ্বাহ

মূল্যবৃদ্ধি অজুহাত, ক’লা কাপোৰ পিন্ধি কংগ্ৰেছে ৰাম মন্দিৰৰ বিৰোধিতা কৰিছে: শ্বাহ

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধি অজুহাত, ক’লা কাপোৰ পিন্ধি কংগ্ৰেছে ৰাম মন্দিৰৰ বিৰোধিতা কৰিছে: শ্বাহ

ডিজিটেল ডেস্ক: শুকুৰবাৰে মূল্যবৃদ্ধি আৰু আন সমস্যাৰ বিৰোধিতা কৰি সমগ্ৰ দেশতে প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছে। এই প্ৰতিবাদৰ সময়ত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে ক'লা কাপোৰ পৰিধান কৰা দেখা যায়। প্ৰতিবাদ স্থলীৰ পৰা আটকো হয় ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ লগতে আন বহুতো।

Advertisment

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই প্ৰতিবাদক তোষামোদকাৰী ৰাজনীতিৰ লগত ৰিজাই কয় যে যে আজিৰ দিনটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ শিলন্যাস কৰিছিল। এই দিনটোতেই কংগ্ৰেছে ক'লা কাপোৰ পিন্ধি প্ৰতিবাদ কৰি ৰাম মন্দিৰৰ বিৰোধিতা প্ৰদৰ্শন কৰিছে।

শ্বাহে কয় যে প্ৰতিবাদকাৰী সকলে শুকুৰবাৰে আন্দোলনৰ বাবে ক'লা কাপোৰ বাছনি কৰিছিল কিয়নো মোডীয়ে শান্তিপূৰ্ণভাৱে ৫৫০ বছৰতকৈও অধিক সময়ৰ বিবাদ সমাধান কৰিছিল। এই বিষয়টো কোটি কোটি লোকৰ বিশ্বাসৰ সৈতে সম্পৰ্কিত আছিল।

মন্দিৰৰ নিৰ্মাণ কাৰ্য এতিয়া পূৰ্ণ গতিত চলি আছে বুলি তেওঁ উল্লেখ কৰি কয় যে কংগ্ৰেছে মন্দিৰ নিৰ্মাণৰ বিৰোধিতা কৰিছে। অন্যহাতে মূল্যবৃদ্ধি, ইডি আদি এক অজুহাত বুলি উল্লেখ কৰে তেওঁ।

শ্বাহে অভিযোগ উত্থাপন কৰি কয় যে কংগ্ৰেছে মুকলিলৈ ৰাম মন্দিৰৰ বিৰোধিতা কৰিব নোৱাৰে। সেয়েহে তেওঁলোকে আজিৰ দিনটো বাছি লৈছে। বছৰ বছৰ ধৰি বিবাদ সৃষ্টি কৰি ৰখা বিষয়টো কংগ্ৰেছৰ শাসনত সমাধান নহল আনহাতে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত অতি শান্তিপূৰ্ণ ভাৱে ইয়াৰ সমাধান হয়।

আৰু পঢ়ক: কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাসৰ শুভ উদ্বোধন

protest congress bjp rahul gandhi amit shah ram mandir