/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শনিবাৰে নিশাৰভাগত বলা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় ৷ জামুগুৰিহাটৰ তৌভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি পৰি যান-বাহন চলাচলত বাধাৰ সৃষ্টি কৰে ৷
ফলত ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ দুই দিশে যাত্ৰীবাহী বাছ, মালবাহী ট্ৰাক আদিৰ লগতে বহু সৰু-বৰ বাহন আৱদ্ধ হৈ পৰে ৷ বৃহত্তৰ অঞ্চলটোৰ তৌভঙা, বামুণীপামকে ধৰি বিভিন্ন অঞ্চল নিশা অহা ধুমুহাই তচনচ কৰি পেলায় ।
প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ ৰাইজৰ ঘৰৰ ওপৰত বাগৰি পৰি ঘৰসমূহো ভাঙিছে যদিও বৰ্তমানলৈকে কোনো লোকৰ হতাহতিৰ খবৰ পোৱা নাই । একেদৰে ধুমুহাই তচনচ কৰি পেলাই বিদ্যুত পৰিবাহী খুটা ৷ নিশাৰে পৰা বৃহত্তৰ জামুগুৰিহাট অঞ্চলটোতে বিদ্যুত যোগান বন্ধ হৈ আছে ৷
যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰৰ সৃষ্টি হৈছে ৷ বিদ্যুত বিভাগক শীঘ্ৰে মেৰামতি কৰি বিদ্যুত যোগান নিয়মীয়া কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷