/asomiyapratidin/media/media_files/2025/07/25/jamuguri-25-2025-07-25-12-47-09.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ বৃহস্পতিবাৰে নিশা জামুগুৰিহাটত প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি-সাধন কৰে। প্ৰাপ্ত তথ্য অনুসৰি নিশা প্ৰায় ২-৩০ বজাৰ পৰা অহা প্ৰচণ্ড ধুমুহাই জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ৰাইজৰ বিস্তৰ ক্ষতি কৰিলে।
বিশেষকৈ জামুগুৰিহাটৰ টুপিয়া গাঁৱৰ মাজেৰে যোৱা বালিজুৰি সংযোগী পথৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত যানবাহন চলাচল বন্ধ হৈ পৰে। পথৰ কাষেৰে যোৱা বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত গছ বাগৰি পৰাত ইয়াৰ যথেষ্ট ক্ষতি সাধন হয়। ফলত নিশাৰে পৰা বিদ্যুৎ সেৱাও ব্যাহত হৈ আছে।
টুপিয়া গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত গছ বাগৰি পৰাত তেওঁলোকৰ বাসগৃহকে ধৰি অন্যান্য বহু ক্ষতি হৈছে। স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক শীঘ্ৰেই ধুমুহাৰ ফলত ব্যাহত হৈ পৰা বিদ্যুৎ সেৱাক পুনৰুদ্ধাৰৰ বাবে শীঘ্ৰেই মেৰামতিৰ বাবে দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us