/asomiyapratidin/media/media_files/2025/07/25/gohpur-2025-07-25-13-28-34.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: প্ৰচণ্ড ধুমুহাই কোবাই গ'ল গহপুৰ সমজিলাৰ বিভিন্ন অঞ্চল। বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাৰ পৰা কেই মূহূৰ্ত মানৰ বাবে অহা ধুমুহাজাকে গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিধাসন কৰে।
কাল ৰূপ ধাৰণ কৰি অহা ধুমুহাজাকে বিশেষ ভাবে ক্ষতি কৰে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ডাঠকলা অঞ্চল। ডাঠকলা নিবাসী তথা সাধাৰণ কৃষক তুলসী প্ৰধানৰ পকী ঘৰটোৰ ওপৰত এডাল প্ৰকাণ্ড আঁহত গছ বাগৰি পৰাৰ ফলত পকী ঘৰটো বিধ্বস্ত হৈ পৰে।
শ-শ বছৰ পুৰণি আঁহত গছ ডাল মাজনিশাৰ ধুমুহাজাকত বাগৰি পৰাৰ ফলত তুলশী প্ৰধানৰ পৰিয়ালটো কথমপি ৰক্ষা পৰে যদিও ঘৰটোৰ লগতে থকা গোহালীৰ চাৰিটা গৰু আৰু চাৰিটা ছাগলীৰ মৃত্যু হয়। অতিমাত্ৰা গৰমৰ কাৰণে যোৱা নিশা তুলশী প্ৰধানৰ পৰিয়ালটোৱে পকী ঘৰটোৰ সলনি ওচৰতে থকা বাঁহৰ ঘৰটোত শোৱাৰ বাবে নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে।
বহু কষ্টৰ বলত গাঁঠিৰ ধন ভাঙি ঘৰটো নিৰ্মাণ কৰি উলিওৱা তুলশী প্ৰধানৰ পৰিয়ালটোৱে ঘৰটো বিধ্বস্ত অৱস্থাত দেখা পাই তেওঁলোকে চকুলোৰে বাট নেদেখা হয়। ঘটনাৰ খবৰ পাই আজি পুৱাই তুলশী প্ৰধানৰ ঘৰত উপস্থিত হয় হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া নমিতা বৰাসহ হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ চিতলা।
ইয়াৰ পিছত উপস্থিত হয় গহপুৰ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাৰ লগতে স্বাস্থ্য বিষয়া, পশু চিকিৎসক আৰু বন বিভাগৰ দল।পৰবৰ্তী সময়ত গহপুৰৰ বিধায়ক উৎপল বৰা আৰু হেলেম(খ) জিলা পৰিষদৰ সদস্য নিৰণ হাজৰিকাৰ লগতে ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তী তুলশী প্ৰধানৰ ঘৰত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয়।
এইক্ষেত্ৰত গহপুৰ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাই সংবাদ মাধ্যমৰ আগত কয় যে উক্ত পৰিয়ালটোক আৰ.জি শিতানৰ অধীনত চৰকাৰী ভাবে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে মৃত্যু হোৱা প্ৰতিটো গো ধনৰ বিপৰীতে ৩৭,৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ'ব। ইপিনে-গহপুৰ সমজিলাৰ বিভিন্ন প্ৰান্তত গছ গছনি ভাঙি বিদ্যুতৰ খুঁটাত পৰাৰ ফলত যোৱা নিশাৰে পৰা বাতৰি লিখা পৰলৈকে গহপুৰ সমজিলাত সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে বিদ্যুতৰ যোগান।
হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰী দলনী, কল্যাণপুৰ আৰু গমিৰি গাঁও পঞ্চায়ত এলেকাত ধুমুহাই যথেষ্ট ক্ষতিসাধন কৰে।