দিখাৰি নৈৰ বানত জলমগ্ন হৈছে কেইবাখনো গাঁও

জোনাইৰ ৰামধন দিখাৰি গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং জামুগুৰিকে ধৰি ১ আৰু ২ নং উলুৱনী, লংকা আদি প্ৰায় ২০ খনৰো অধিক গাঁও দিখাৰি নৈৰ বানত জলমগ্ন হৈ পৰিছে। 

author-image
Asomiya Pratidin
New Update
hbhbbhbhbh

ডিজিটেল সংবাদ, জোনাইঃ দিখাৰি নৈৰ বানত জলমগ্ন হৈছে কেইবাখনো গাঁও। বাট-পথ, বাসস্থানকে ধৰি ৰাইজৰ কৃষিভুমি এতিয়া পৰিছে বানৰ কৱলত। জোনাইৰ ৰামধন দিখাৰি গাঁও পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং জামুগুৰিকে ধৰি ১ আৰু ২ নং উলুৱনী, লংকা আদি প্ৰায় ২০ খনৰো অধিক গাঁও দিখাৰি নৈৰ বানত জলমগ্ন হৈ পৰিছে। 

ইফালে, নৈখনৰ বাঢ়নি পানীয়ে বাট পথ বুৰাই পোলোৱাত যাতায়ত ব্যাঘাত জন্মাইছে। বানপীড়িতৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ।

জোনাই বান