/asomiyapratidin/media/media_files/2025/07/03/b-njkk-2025-07-03-21-42-37.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ-লামডিং পাহাৰীয়া ৰে'লপথত কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল কৰা হৈছে। বৃহস্পতিবাৰে দুপৰীয়া পাহাৰৰ পৰা মাটি আৰু শিল খহি পৰাৰ ফলত সম্পূৰ্ণ বন্ধ হৈ পৰে শিলচৰ- লামডিং ৰে'লপথ। মুপাত সংঘটিত এই ভূমিস্খলনৰ বাবে ব্যাহত হৈ পৰিছে ৰে'লযাত্ৰা।
ভূমিস্খলনৰ বাবে এনএফআৰে বাতিল কৰা ৰে'ল কেইখন হৈছে-
- ১৫৬১৫ গুৱাহাটী - শিলচৰ এক্সপ্ৰেছ
- ১৫৬১১ ৰঙিয়া - শিলচৰ এক্সপ্ৰেছ
- ০৫৬২৮ আগৰতলা-গুৱাহাটী স্পেচিয়েল ৰে'ল
- ১৫৬১২ শিলচৰ - ৰঙিয়া এক্সপ্ৰেছ
- ০৫৬২৭ গুৱাহাটী- আগৰতলা স্পেচিয়েল ৰে'ল