/asomiyapratidin/media/media_files/2025/06/29/whatsapp-2025-06-29-18-32-57.jpeg)
ডিজিটেল ডেস্কঃ ১ জুলাইৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম। ৰে’ল ভাড়া, ক্ৰেডিট কাৰ্ড পেমেণ্ট, পেন কাৰ্ড আদি গুৰুত্বপূৰ্ণ কামৰ নিয়ম সলনি হ'ব। এই সলনি হোৱা নিয়মে প্ৰভাৱ পেলাব আপোনাৰ ব্যক্তিগত জীৱনত।
ৰে’লৱে টিকটৰ ভাড়া বৃদ্ধি পাব
ৰে’ল মন্ত্ৰালয়ে ২০২৫ চনৰ ১ জুলাইৰ পৰা মেইল আৰু এক্সপ্ৰেছ ৰে’লত এচি আৰু নন-এচি ক্লাছৰ ভাড়া বৃদ্ধিৰ বাবে প্ৰস্তুতি চলাইছে। নন-এচিত (স্লিপাৰ, ছেকেণ্ড ছিটিং ইত্যাদি) ১ পইচা আৰু সকলো এচি ক্লাছত প্ৰতি কিলোমিটাৰত ২ পইচাকৈ ভাড়া বৃদ্ধি কৰিব পাৰিব। ৫০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ৰেলৰ টিকটৰ মূল্য আৰু এম এছ টিৰ কোনো পৰিৱৰ্তন নহ’ব যদিও দূৰত্ব ৫০০ কিলোমিটাৰতকৈ অধিক হ’লে যাত্ৰীজনে প্ৰতি কিলোমিটাৰত আধা পইচা দিব লাগিব।
তটকালৰ টিকট বুকিং
এতিয়া তটকালৰ টিকট কেৱল সেইসকল যাত্ৰীৰ বাবেহে উপলব্ধ হ’ব যাৰ আই আৰ চি টি চি একাউণ্ট আধাৰৰ সৈতে সংযুক্ত। তটকাল বুকিং আৰম্ভ হোৱাৰ প্ৰথম ৩০ মিনিটৰ বাবে ৰে’লৱে এজেণ্টে টিকট বুকিং কৰিব নোৱাৰিব।
পান কাৰ্ডৰ নিয়ম সলনি
এতিয়া ১ জুলাইৰ পৰা নতুন পান কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত আধাৰ কাৰ্ড দিয়াটো বাধ্যতামূলক হ’ব। এই নিয়ম চিবিডিটিয়ে কাৰ্যকৰী কৰিছে। যদি আপোনাৰ ইতিমধ্যে পান আৰু আধাৰ দুয়োটা আছে, তেন্তে সেইয়া লিংক কৰাটো প্ৰয়োজনীয় হ'ব। অৱশ্যে ইয়াৰ বাবে ৩১ ডিচেম্বৰ, ২০২৫ পৰ্যন্ত সময় দিয়া হৈছে।
ক্ৰেডিট কাৰ্ড বিল পৰিশোধৰ বাবে নতুন ব্যৱস্থা
ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিছে যে এতিয়া ভাৰত বিল পেমেণ্ট চিষ্টেমৰ জৰিয়তে সকলো ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰা হ’ব।
জি এছ টি ৰিটাৰ্ণ দাখিল প্ৰক্ৰিয়াৰ পৰিৱৰ্তন
২০২৫ চনৰ জুলাইৰ পৰা জি এছ টি ৰিটাৰ্ণ দাখিল কৰাত পলম বা ভুলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সামগ্ৰী আৰু সেৱা কৰ নেটৱৰ্কে (জিএছটিএন) জিএছটিআৰ-৩বি ফৰ্ম সন্দৰ্ভত এক আপডেট প্ৰকাশ কৰিছে। জুলাই মাহৰ পৰা এই প্ৰ-পত্ৰখন সম্পাদনা কৰিব নোৱাৰা হ’ব। অৰ্থাৎ ইয়াত থকা কৰ সবিশেষ স্বয়ংক্ৰিয়ভাৱে জিএছটিআৰ-১, ১এৰ পৰা পূৰণ কৰা হ’ব আৰু কৰদাতাসকলে আৰু ইয়াক নিজে সংশোধন কৰিব নোৱাৰিব।