/asomiyapratidin/media/media_files/2025/06/23/fadfsd-2025-06-23-23-03-44.jpg)
ডিজিটেল সংবাদ, লামডিংঃ পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ বাবে ৰে'ল বিভাগে মঙলবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰিলে যাত্ৰীবাহী ৰে'ল সমূহৰ চলাচল। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এখনি প্ৰেছ বিবৃতি দ্বাৰা উল্লেখ কৰে এই তথ্য।
বাতিল হোৱা ৰে'ল কেইখন হৈছে-
- ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্রেছ
- ১৫৬১১ ৰঙিয়া-শিলচৰ এক্সপ্রেছ
- ১৫৬১২ শিলচৰ- ৰঙিয়া এক্সপ্রেছ
- ১৫৬১৭ গুৱাহাটী-দলবছেৰা এক্সপ্রেছ
- ১৫৬১৮ দলবছেৰা-গুৱাহাটী এক্সপ্রেছ
- ০৫৪৩৭ নাহৰলাগুন-শিলচৰ এক্সপ্রেছ
- ২৫১৩ নং চাৰ্লাপল্লী - শিলচৰ এক্সপ্ৰেছ
- ১৩১৭৫ নং শিয়ালদা - শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ
ৰে'ল বিভাগৰ অভিযোগ অনুসৰি, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI)ৰ চৰম গাফিলতিৰ ফলত নিউ হাফলং জাতিংগা লাম্পোৰ মুখ্য ৰে'ললাইনত বৃহৎ আকাৰৰ পাথৰসহ মাটি খহি পৰাৰ ফলত জলপ্ৰৱাহ হয়। ইয়াৰে পাছত সম্পূৰ্ণ ৰে'লপথচোৱা বিচিন্ন হৈ পৰে। উল্লেখযোগ্য যে, NHAI অধীনত পাহাৰীয়া জিলাৰ এই অঞ্চলটোত পথ নিৰ্মানৰ নামত বহু খামখিয়ালি চলাই আহিছিল। যাৰ ফলত এনে ঘটনা সংঘটিত হোৱাত যাত্ৰী সকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
এই ঘটনাৰ পিছতেই ৰে'ল বিভাগে NHAI লৈ পত্ৰ জৰিয়তে জাননী প্ৰেৰণ কৰে। অনতিপলমে এই পথচোৱা মেৰামতি কৰি মুকলি কৰি নিদিলে এই পথচোৱাৰ গাতে লাগি থকা মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু বৰাকভেলিৰ অন্য স্থানলৈ সন্নিবিষ্ট হৈ থকা প্ৰমুখ ৰে'লপথচোৱাও বন্ধ হোৱাৰ সম্ভাৱনা আছে বুলি NHAIৰ কৰ্তৃপক্ষলৈ কঠোৰ নিৰ্দেশ জাৰী কৰে ৰেটল বিভাগে। যাত্ৰীৰ সুৰক্ষাৰ বাবে বদৰপুৰ অভিমুখী কেইবাখনো যাত্ৰীবাহী ৰেল লামডিং জংচনত ৰখোৱা হয় । ইতিমধ্যে লামডিং জংচনত শ শ যাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছে। একেদৰে শিলচৰতো আবদ্ধ হৈ আছে অগণন যাত্ৰী।