/asomiyapratidin/media/media_files/2025/03/08/1tMVXnvLIEm01AXdku73.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ পথ যাতায়তৰ বাবে সুচল হোৱাৰ দিনাই পুনৰ সংঘটিত হয় এক বিশৃংখল পৰিস্থিতিৰ। আজি মণিপুৰৰ কাংপোকপি জিলাত পথ অবৰোধ কৰে একাংশ কুকি সম্প্ৰদায়ৰ মহিলাই। ইয়াৰ পিছতেই পথ মুকলি কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে লাঠিচাৰ্জ কৰে।এই ঘটনাত বহু প্ৰতিবাদকাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে।
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষুদ্ৰ ৰাজ্যখন আছে ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনত। মণিপুৰ দায়িত্ব চম্ভালি আছে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই। যোৱা ২ মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অজয় কুমাৰ ভাল্লা আৰু অন্যান্য সংশ্লিষ্ট বিষয়াৰে এক পৰ্যালোচনাৰ বৈঠকত মিলিত হৈছিল।
এই বৈঠকতে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰি একাধিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰি গৃহ মন্ত্ৰালয়ে ঘোষণা কৰিছিল যে মণিপুৰৰ সকলো পথ ৮ মাৰ্চৰ পৰা কাৰ্যক্ষম হৈ থাকিব লাগিব।
সাধাৰণ জনতাই ৰাজ্যৰ পথত মুক্তভাৱে চলাচল কৰিব পাৰিব লাগে। যদিহে কোনোবাই পথ অৱৰোধ কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়ে মন্ত্ৰণালয়ে।
অৱশ্যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ কঠোৰ নিৰ্দেশৰ পিছতো শনিবাৰে মণিপুৰত পথ অৱৰোধ কৰা দেখিবলৈ পোৱা গল। কুকি প্ৰতিবাদকাৰীসকলে আৰম্ভণিৰে পৰাই দাবী কৰি আহিছিল তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে পথসমূহ মুকলি কৰিব নোৱাৰিব।
এনে পৰিবেশত শনিবাৰে কাংপোকপি জিলাত নিৰাপত্তা বাহিনীয়ে কুকি সম্প্ৰদায়ৰ অৱৰোধকাৰীক লাঠিচাৰ্জ কৰে। ডেৰ বছৰতকৈও অধিক সময় ধৰি মণিপুৰৰ অশান্ত পৰিস্থিতিৰ মাজতে পথসমূহ অবৰোধ কৰি থোৱাৰ বাবে বহু গুৰুত্বপূৰ্ণ পথত যাতায়ত ব্যাহত হৈ আছিল।
প্ৰায় ২২ মাহ ধৰি একাংশ পথত ৰাজহুৱা পৰিবহণ বন্ধ হৈ আছিল। শনিবাৰৰ পৰা ক্ৰমান্বয়ে পৰিস্থিতি স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে। মণিপুৰৰ প্ৰশাসনিক চৰকাৰী সূত্ৰ অনুসৰি ইম্ফলৰ পৰা কাংপোকপি হৈ সেনাপতিলৈ আৰু ইম্ফলৰ পৰা চুৰাচান্দপুৰ হৈ বিষ্ণুপুৰলৈ যোৱা পথত শনিবাৰৰ পৰা বাছ সেৱা আৰম্ভ হৈছে।
মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে যৌথভাৱে ৰাস্তা-ঘাট কাৰ্যক্ষম কৰি ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। বিভিন্ন পথত চলাচল কৰা বাছসমূহৰ বাবে পৰ্যাপ্ত আৰক্ষী নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজন সাপেক্ষে বাছৰ সৈতে কনভয়ৰ ব্যৱস্থা কৰা হৈছে।
শনিবাৰে পুৱা ৯ বজাত ইম্ফল বিমানবন্দৰৰ পৰা কাংপকপি হৈ কামাণ্ডাৰৰ বাবে যোৱা বাছৰ সৈতে সীমান্ত সুৰক্ষা বাহিনীৰ কনভয় যোৱা পৰিলক্ষিত হৈছিল। চুৰাচান্দপুৰ অভিমুখী বাছখনৰ সৈতে আছিল চি আৰ পি এফৰ কনভয়। প্ৰশাসনিক সূত্ৰ অনুসৰি ইম্ফলৰ পৰা চুৰাচান্দপুৰলৈ অহা ১২ মাৰ্চৰ পৰা হেলিকপ্টাৰ সেৱা আৰম্ভ হ’ব।