পৰ্বতঝোৰাত কেইবাগৰাকী নেতাৰ ইউ পি পি এলত যোগদান

পৰ্বতঝোৰা মণ্ডল বিজেপিৰ উপ সভাপতি অস্তমা ৰাভা, প্ৰাক্তন সাধাৰণ, উপ সভাপতি নিৰুপন ৰাভা আৰু ৰাজা খাওঁৰাম মুছাহাৰীয়ে বিজেপি দল ত্যাগ কৰি ইউ পি পি এল দলত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
AP FOR WEB parbatjura

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : বিটিআৰ নিৰ্বাচনৰ কেইটামান মাহ বাকী থকা অৱস্থাতে বিজেপি দলত মোক্ষম আঘাত হানি কেইবাজনো জনজাতীয় নেতাই যোগ দিলে ইউ পি পি এলত। পৰ্বতঝোৰা মণ্ডল বিজেপিৰ উপ সভাপতি অস্তমা ৰাভা, প্ৰাক্তন সাধাৰণ, উপ সভাপতি নিৰুপন ৰাভা আৰু ৰাজা খাওঁৰাম মুছাহাৰীয়ে বিজেপি দল ত্যাগ কৰি ইউ পি পি এল দলত যোগদান কৰে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, এই তিনিওজন নেতাই দীৰ্ঘদিনৰ পৰাই পৰ্বতঝোৰাত বিজেপি দলৰ হৈ সক্ৰিয়ভাৱে দলীয় কাম কাজ কৰি আহিছিল। কিন্তু বিটিৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপি দলৰ প্ৰতি মোহ ভংগ হৈ এই তিনিও নেতাই কোকৰাঝাৰৰ চন্দ্ৰপাৰাস্থিত প্রমোদ বড়োৰ বাসগৃহত আনুষ্ঠানিকভাৱে ইউ পি পি এল দলত যোগদান কৰে।

মন কৰিবলগীয়া যে, নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলৰ পৰা জনজাতীয় নেতাই দল ত্যাগ কৰি বড়োভূমিৰ আঞ্চলিক দলত যোগদান কৰা ঘটনাই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

ইউ পি পি এল