তামাৰহাটত এটা মাহতে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা

নিৰ্মীয়মান ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মানকাৰী সংস্থাৰ গুৰুত্বহীনতাৰ বাবে নিতৌ সংঘটিত হৈছে দুৰ্ঘটনা । কোনো ধৰণৰ বেৰিকেড নাইবা যাতায়ত নিৰ্দেশনা আৰি নিদিয়াকৈ মূল পথ খান্দি কালভাৰ্ট নিৰ্মান কৰাত সংঘটিত হৈ আহিছে দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
318

ডিজিটেল সংবাদ, ধুবুৰী : নিৰ্মীয়মান ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মানকাৰী সংস্থাৰ গুৰুত্বহীনতাৰ বাবে নিতৌ সংঘটিত হৈছে দুৰ্ঘটনা । কোনো ধৰণৰ বেৰিকেড নাইবা যাতায়ত নিৰ্দেশনা আৰি নিদিয়াকৈ মূল পথ খান্দি কালভাৰ্ট নিৰ্মান কৰাত সংঘটিত হৈ আহিছে দুৰ্ঘটনা ।

Advertisment

বেৰিকেড নাইবা যাতায়ত নিৰ্দেশনা নথকাত পথচাৰীয়ে যাতায়তৰ সময়ত বাহন লৈ গাঁতত পৰি কেইবাজনো গুৰুতৰ আহত হয় । শুকুৰবাৰে নিশাও সংঘটিত হয় অনুৰূপ ঘটনা ।

চালকসহ মটৰ চাইকেল আৰু হেলিসহ চালক গাতত পৰি গুৰুতৰ আহত হৈ চিকিৎসাধীন হৈ আছে । উল্লেখ যোগ্য যে কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰী-ফুলবাৰী দলঙলৈ নিৰ্মান হোৱা ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ দায়িত্বত থকা জাণ্ডু ক'নষ্ট্ৰাকশ্যন ইণ্ডিয়া প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষৰ মৈমতালিৰ বাবে বিপাঙত পৰিছে পথচাৰী ।

এটা মাহতে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা । উল্লেখ্য যে, উক্ত বিভাগৰ দায়িত্ব থকা সুৰজিৎ সিঙক এই বিষয়ে স্থানীয় ৰাইজে বাৰে বাৰে জনোৱাৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তোলে । ফলত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰী য়ে দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে ।

উল্লেখ্য যে মটৰ চাইকেল চালক আৰু হেলি চালকক স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে প্ৰশাসনে ।

ৰাষ্ট্ৰীয় ঘাইপথ