/asomiyapratidin/media/media_files/2025/06/15/JeueX66GUimtD6iSd5WW.jpg)
ডিজিটেল ডেস্ক : দেশত সংঘটিত হৈছে ইটোৰ পাছত সিটো অঘটন। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পাছত এইবাৰ পুনেত সংঘটিত হৈছে আন এক অঘটন।
১৫ জুন ২০২৫ দেওবাৰে বিয়লি পুনেৰ ইন্দ্ৰয়ানী নৈৰ দলং ভাঙি কেইবাগৰাকী পৰ্যটক নৈত উটি যোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত এন ডি আৰ এফ, সেনা বাহিনীৰ জোৱানকে ধৰি উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছে।
জানিব পৰা অনুসৰি উদ্ধাৰকাৰী দলে ২গৰাকী পৰ্যটকক সোঁশৰীৰে উদ্ধাৰ কৰিছে। তাৰোপৰি দুগৰাকী পৰ্যটক দলঙৰ খুঁটাৰ মাজত আৱদ্ধ হৈ অকাল মৃত্যুক আঁকোৱালি লোৱা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us