/asomiyapratidin/media/media_files/2025/03/30/XKHqX6JRKFNYaxsMg8lG.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : সংস্কৃতিৰ প্ৰতীক আনন্দৰ উৎসৱ বিহু অসমীয়াৰ জাতীয় উৎসৱ ৷ বিহুক বাদ দি অসমৰ জাতীয় জীৱনৰ ঐতিহ্যৰ কথা ভাবিব নোবাৰি ৷ অসমৰ পাহাৰে ভৈয়ামে বসবাস কৰি থকা বিভিন্ন জাতি জনজাতিৰ সংস্কৃতিৰ সম্বনয়ৰ মাজেৰেই বিহু উৎসৱ গঢ় লৈ উঠিছে ৷
এতিয়া সমগ্ৰ ৰাজ্যজুৰি চলি আছে অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ বিহুনাচ,বিহুগীত,ঢোল বাদনৰ বিশেষ কৰ্মশালাসমূহ ৷ বাদ পৰি ৰোবা নাই নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ কপাহেৰা অঞ্চলো ৷
কপাহেৰাত আঞ্চলিক কেন্দ্ৰীয় ৰাঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত যোৱা ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈ অনুষ্ঠিত হোৱা সাতদিনীয়া বিহু কৰ্মশালাখনি দেওবাৰে বিয়লি সফলভাৱে সামৰণি পৰে ৷ কৰ্মশালাখনিৰ প্ৰথমদিনা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰহ্লাদ লাহনে।
শুভ আৰম্ভণি অনুষ্ঠানৰ প্ৰথমেই পতাকা উত্তোলন কৰে কপাহেৰা আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই। বিহু কৰ্মশালাখনি শুভ উদ্বোধন কৰে প্ৰহ্লাদ চন্দ্ৰ লাহনে ৷
উল্লেখযোগ্য যে, কৰ্মশালাৰ অন্তত এখনি অন্তৰংগ আলোচনা চক্ৰও সম্পন্ন হয় ৷ আজিৰ সামৰণি অনুষ্ঠানত আয়োজক সমিতিৰ হৈ সম্পাদক প্ৰহ্লাদ বৰদলৈ,সাংবাদিক দেৱজিৎ হাজৰিকা,মন্টু গোহাঁই,গুনেন্দ্ৰ নাথকে প্ৰমুখ্যে কৰি কপাহেৰা অঞ্চলৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে যুৱক যুৱতীসকল উপস্থিত থাকে ৷