কপৌ ফুলাৰ বতৰত সেউজ সংঘৰ বাকৰিত ‘সেউজ সন্ধিয়া’ অনুষ্ঠান

মহানগৰীৰ অম্বিকাগিৰী নগৰস্থিত অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সেউজ সংঘৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰঙালী বিহু তথা ‘সেউজ সন্ধিয়া‘ শীৰ্ষক অনুষ্ঠানৰ। 

author-image
Asomiya Pratidin
New Update
সেউজ সন্ধিয়া
ডিজিটেল ডেস্ক : কপৌ ফুলাৰ বতৰত সেউজ সংঘৰ বাকৰিত অনুষ্ঠিত হ’ল ‘সেউজ সন্ধিয়া’ শীৰ্ষক অনুষ্ঠানৰ। মহানগৰীৰ অম্বিকাগিৰী নগৰস্থিত অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সেউজ সংঘৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰঙালী বিহু তথা ‘সেউজ সন্ধিয়া‘ শীৰ্ষক অনুষ্ঠানৰ। 
Advertisment
সেউজ সন্ধিয়া
উল্লেখযোগ্য যে, ২ আৰু ৩মে’ এই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰঙালী বিহু তথা সেউজ সন্ধিয়া অনুষ্ঠানৰ। অনুষ্ঠানৰ প্ৰথম দিনা সংঘৰ দাপোণস্বৰূপ ‘সেউজী’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰা হয়। 
সেউজ সন্ধিয়া
কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্মৰণিকাখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। বিহুৰ অনুষ্ঠানত সাংস্কৃতিক সন্ধিয়াৰ উপৰি এখন আলোচনী প্ৰকাশ কৰা কাৰ্যক উন্মোচক তথা প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই শলাগ লয়। তাৰোপৰি তেওঁ স্মৰণিকাখনিৰ সম্পাদনা সমিতিকো কৃতজ্ঞতা জ্ঞাপন কৰে। 
লগতে তেওঁ কয়- যদি সেউজ সংঘই অনাগত দিনত পুথিভঁৰালৰ ব্যৱস্থা কৰে, তেন্তে প্ৰকাশন পৰিষদৰ তৰফৰ পৰা যথোসাধ্য সহযোগিতা আগবঢ়োৱা হ’ব। আনহাতে অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই স্মৰণিকাখনিৰ সম্পাদক মৃদুল কুমাৰ সন্দিকৈয়ে। 
সেউজ সন্ধিয়া
সম্পাদক সন্দিকৈয়ে স্মৰণিকাখনি প্ৰকাশ কৰাৰ ক্ষেত্ৰত যিসকলে ব্যক্তিয়ে সহযোগিতা আগবঢ়ালে আৰু যি লেখকৰ মূল্যৱান লেখাই স্মৰণিকাখনিক সম্বৃদ্ধ কৰিলে তেওঁলোকক কৃতজ্ঞতা জনায়। একেদৰে সম্পাদনা সমিতিৰ বিষয়ববীয়াসকলৰো শলাগ লয় সম্পাদকগৰাকীয়ে। 
সেউজ সন্ধিয়া
উল্লেখযোগ্য যে, সেউজীৰ সম্পাদনা সমিতিত সভাপতি হিচাপে আছে গংগাপদ চৌধুৰী, সম্পাদক মৃদুল কুমাৰ সন্দিকৈ, সহকাৰী সম্পাদক জ্যেতিৰ্ময়ী শ্ৰী, ইলাক্ষী ডেকা বৰদলৈ আৰু অলংকৰণ কৰিছে আব্দুল আলীয়ে। তাৰোপৰি দুদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিব বিশিষ্ট কণ্ঠশিল্পী জিতুল সোণোৱাল আৰু জনপ্ৰিয় শিল্পী জুবলি বৰুৱাই।
ৰঙালী বিহু