/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/76286338-9059-4c94-9245-b9a45cbcaa14/WhatsApp_Image_2022_09_27_at_06_46_11.jpeg)
MAHARASTRA
ডিজিটেল ডেস্কঃ প্ৰকৃত শিৱসেনা কোনসকল? উদ্ধৱ ঠাকৰে গোট নে একনাথ সিন্দে গোট? আদালতত এই বিষয়টোক লৈ আইনী যুঁজ অব্যাহত থকাৰ মাজতে প্ৰথমটো বিফলতাৰ সন্মুখীন হ'বলগীয়া হৈছে উদ্ধৱ ঠাকৰে শিবিৰ।
উচ্চতম ন্যায়ালয়ত প্ৰকৃত শিৱসেনা সন্দৰ্ভত চলি থকা গোচৰৰ মাজতেই একনাথ সিন্দে শিৱিৰে শিৱসেনাৰ প্ৰতীক তেওঁলোকে দাবী কৰিছে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে।
আয়োগৰ এনে কাৰ্য ব্যৱস্থাৰ বিৰুদ্ধে উদ্ধৱ ঠাকৰে শিবিৰে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল যদিও ন্যায়ালয়ে এই আৱেদন নাকচ কৰি আয়োগৰ কাৰ্যব্যৱস্থা অব্যাহত ৰাখিবলৈ দিয়ে।