/asomiyapratidin/media/media_files/2024/12/14/9eU9VXvSgDdYWiQxsNuB.jpg)
ডিজিটেল সংবাদ, বৰমা : বাক্সা জিলা বড়ো সাহিত্য সভাৰ ১৯ সংখ্যক বাৰ্ষিক অধিবেশন আৰু ৫৫ সংখ্যক বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ অধিবেশনখন বৰমাত অনুষ্ঠিত হ’ব। উদ্যোক্তাই জনোৱা অনুসৰি চলিত বৰ্ষৰ ২১ আৰু ২২ ডিচেম্বৰত দুদিনীয়া কাৰ্য্যসূচীৰে বৰমা ছোৱালী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ’ব এই অধিবেশন।
এই কথা প্ৰকাশ কৰিছে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়োই। অধিবেশনখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ভুধৰ ব্ৰহ্মক সভাপতি আৰু কুল'ৰাম ব্ৰহ্মক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰাৰ কথাও ব্যক্ত কৰে বড়োই।
কাৰ্য্যসূচী অনুসৰি ২১ ডিচেম্বৰ পুৱা ৭-৩০ বজাত মুখ্য দ্বাৰ উদ্বোধন কৰিব ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়োৱে। একেদৰে মঞ্চ উদ্বোধন কৰিব বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ভোজনালয় উদ্বোধন কৰিব নেহৰু আঞ্চলিক হাইস্কুল দেৱচাৰাৰ প্ৰধান শিক্ষক সুবেনজিৎ ৰামছিয়াৰীয়ে।
আনহাতে বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতিৰী সোঁৱৰণী সাহিত্য প্ৰতিযোগিতা উদ্ধোধন কৰিব বৰমাৰ চেইণ্ট জনচ্ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাদাৰ দেভিদ ছৌন্দ্ৰাছে ৷ বিয়লি ৪-৩০ বজাত অনুষ্ঠিত হ’ব প্ৰতিনিধি সভা ৷
ইফালে ২২ ডিচেম্বৰৰ পুৱা ৮-০০ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীয়ে ৷ ১০-০০ বজাত ২০২৪ ইং বৰ্ষত কেইবাটাও বিভাগত বাক্সা জিলালৈ সন্মান কঢ়িয়াই অনা বড়ো ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্দ্ধনা জনোৱা হ’ব লগতে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা প্ৰাক্তন কৰ্মীক সম্বৰ্দ্ধনা জনোৱা হ’ব ৷
উক্ত দিনাই দিনৰ ১২-০০ বজাত বাক্সা জিলা বড়ো সাহিত্য সভাৰ সভাপতি বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি অধিবেশন ৷ মুকলি সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কেবিনেট মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাৰ্জাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ দুদিনীয়া কাৰ্য্যসূচীতে ৰাইজৰ সহায় -সহযোগিতা কামনা কৰিছে বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়ো আৰু সম্পাদক গণপতি চোৰাং বড়োৱে ৷