/asomiyapratidin/media/media_files/2025/03/22/il3Mvw5tnGg6NL8zs67i.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : ৰাজ্যখনৰ ১৩খন সাংগঠনিক জিলাৰ ১০সহস্ৰাধিক মায়ামৰা ধৰ্মাৱলম্বী ভক্ত প্ৰাণৰ উপস্থিতিৰে পবিত্ৰ ভূমিলৈ ৰূপান্তৰিত হৈছে ঢকুৱাখনাৰ নিত্যানন্দ দাস ক্ষেত্ৰ । ঢকুৱাখনাৰ বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই ক্ষেত্ৰত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন ।
উত্তৰ- পূব ভাৰতত নৱ-বৈষ্ণৱ ধৰ্মৰ চতুৰ্থগৰাকী প্ৰবৰ্তক, আদিগুৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ মাৰ্গ দৰ্শনত দীক্ষিত মায়ামৰা সমাজৰ এই বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ কেন্দ্ৰীয় অধিবেশনৰ শনিবাৰে দ্বিতীয় দিনাও অগণন ভকত বৈষ্ণবৰ সমাগম ঘটে পবিত্ৰ ক্ষেত্ৰলৈ । সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সভাপতি ৰেবত চন্দ্ৰ দাস ,প্ৰধান সম্পাদক হেমন্ত গোঁহাইকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয় ববীয়া , অভ্যৰ্থনা সমিতিৰ সকলো দায়িত্ববাহী আৰু বিভিন্ন জিলাৰ নেতৃবৃন্দৰ উপস্থিতিত শনিবাৰে দুপৰীয়া দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় ।
শ্ৰীশ্ৰী মায়ামৰা কালজয় সত্ৰৰ সন্মুখত সমবেত মায়ামৰা সমাজৰ কেইবা সহস্ৰাধিক বাপ ,আই সমস্ত , যুৱক যুৱতীৰ স্বকীয় ধৰ্মীয় বেশভূষাৰে এক নান্দনিক পৰিবেশৰ সৃষ্টি হয় । গায়ন বায়ন , আয়তীৰে পৰিবেষ্টিত এই বিশাল ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা শ্ৰী শ্ৰী মায়ামৰা কালজয় সত্ৰৰ সন্মুখৰ পৰা শুভ উদ্বোধন কৰে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সভাপতি ৰেবত চন্দ্ৰ দাসে।
বিশাল ধৰ্মীয় শোভাযাত্ৰাই ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমণ কৰি উপাস্য আদ্যগুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বৈষ্ণৱী ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ স্বকীয় বার্তা বিলাই আকাশ বতাহ মুখৰিত কৰে। ধৰ্মপ্ৰাণ ৰাইজৰ একচিত্তে লোৱা হৰিনাম, খোল, তাল,মৃদং , গায়ন -বায়ন , ডবা -কাঁহ আদি গুৰুবাদ্যৰ অমিয়া ঝংকাৰত বৈকুণ্ঠৰ ধামলৈ ৰূপান্তৰ ঘটা সমন্বয় ক্ষেত্ৰৰ পাৰ্শ্বৱৰ্তী এলেকাত পৰিভ্ৰমণ কৰি সমন্বয় ক্ষেত্ৰত শোভাযাত্ৰাৰ সামৰণি মৰা হয় । ইয়াৰ পাছতেই অনুষ্ঠিত হয় সাংস্কৃতিক সমাজৰ প্ৰতিনিধি সভা ।
অধিবেশনৰ দেওবাৰে অন্তিম দিনৰ মুকলি সভা । এই মুকলি সভাত মুখ্য অতিথি হিচাপে সদৌ অসম সত্ৰ সমাজৰ সভাপতি জীতেন্দ্ৰ প্ৰধানী , নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, বিশিষ্ট অতিথি হিচাপে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আদিয়ে অংশ গ্ৰহণ কৰিব । সাংস্কৃতিক সমাজৰ প্ৰধান সম্পাদক হেমন্ত গোহাঁয়ে মুকলি সভাত ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱ সকলৰ উপস্থিতি আৰু সহযোগিতাৰ বাবে সেৱা ধৰিছে ।