জামুগুৰিহাটকে ধৰি কেইবাটাও প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত চাৰ্ভাৰ ডাউন : বিপাঙত যান-বাহনৰ গৰাকী

প্ৰদূষণ পৰীক্ষণৰ সময় উকলি যোৱাৰ পাছত ৫০০টকা জৰিমনা অতিৰিক্তভাৱে গ্ৰাহকসকলে বহন কৰিব লাগে, এনে ক্ষেত্ৰত প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত গৈ চাৰ্ভাৰ ডাউনৰ বাবেই গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হৈ আহিছে

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটকে ধৰি কেইবাটাও প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত চাৰ্ভাৰ ডাউন

জামুগুৰিহাটকে ধৰি কেইবাটাও প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত চাৰ্ভাৰ ডাউন

ডিজিটেল সংবাদ, জামুগুৰিহাট : চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমতে যান- বাহন প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত চাৰ্ভাৰৰ অসুবিধাৰ বাবে কামসমূহ নিয়মীয়াকৈ কৰিব নোৱাৰা হৈছে। ফলস্বৰূপে যান-বাহনৰ গৰাকী ভীষণ বিমোৰত পৰিছে।  

Advertisment

উল্লেখযোগ্য যে প্ৰদূষণ পৰীক্ষণৰ সময় উকলি যোৱাৰ পাছত ৫০০টকা জৰিমনা অতিৰিক্তভাৱে গ্ৰাহকসকলে বহন কৰিব লাগে, এনে ক্ষেত্ৰত প্ৰদূষণ পৰীক্ষণ কেন্দ্ৰত গৈ চাৰ্ভাৰ ডাউনৰ বাবেই গ্ৰাহকসকল বিমুখ হৈ সমস্যাৰ সন্মুখীন হৈ আহিছে। বিগত প্ৰায় এসপ্তাহ ধৰি পৰীক্ষণ কেন্দ্ৰসমূহত গ্ৰাহকৰ ভিৰ লগা পৰিলক্ষিত হৈছে ৷  

ইয়াৰ উপৰি আন এক সমস্যা হ’ল- যান- বাহনসমূহৰ গৰাকীৰ যদি প্ৰদূষণ প্ৰমাণপত্ৰৰ ম্যাদ উকলি যায় তেনে ক্ষেত্ৰত পৰিবহণ বিভাগক অনলাইন মাধ্যমৰে অতিৰিক্ত জৰিমনাসহ ১০হাজাৰ টকাপৰ্য্যন্ত ভৰিবলগীয়া হয়৷ এনে পৰিপ্ৰেক্ষিতত পৰীক্ষণ কেন্দ্ৰৰ গৰাকীসকলে গ্ৰাহকৰ লগত তৰ্ক- বিতৰ্কত লিপ্ত হ’ব লগাত পৰে বুলি জানিবলৈ দিয়ে।

গতিকে এই বিষয়ক লৈ গ্ৰাহকসকল সম্প্ৰতি তীব্ৰ বিমোৰত পৰিছে ৷ উল্লেখযোগ্য যে প্ৰদূষণ প্ৰমাণপত্ৰ নহ’লে যান-বাহনৰ বীমা, ফিটনেছ আৰু বাহনৰ হস্তান্তৰ আদি কোনো কামেই  নহয় ৷ যাৰ ফলস্বৰূপেই এনেবোৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ’ব লগা হৈছে গ্ৰাহকসকল।

jamugurihat pollution