Advertisment

বড়োভূমি দখলৰ লক্ষ্য নহয় বিজেপিৰ; শান্তি বৰ্তাই ৰখাহে লক্ষ্য বিজেপিৰ: অশোক সিংহল

মনোৰঞ্জন ব্ৰহ্ম পূৰ্বতে ইউপিপিএল দলৰ হৈ নিৰ্বাচন খেলি পৰাজয়বৰণ কৰিছিল যদিও আজি ইউপিপিএল ত্যাগ কৰি বিজেপিত যোগদান কৰা কাৰ্যই নতুন সমীকৰণৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
bn bn m

ডিজিটেল সংবাদ,কোকৰাঝাৰ:  আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন উপলক্ষে বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি মজবুত কৰি তুলিবলৈ আজি সেৰফাংগুৰীত এক বিশাল দলীয় যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ বিটিচিৰ দোতমা পৰিষদীয় সমষ্টিৰ সেৰফাংগুৰীত এই উপলক্ষে আজি আয়োজিত হোৱা এক বিশাল যোগদান সভাত সেৰফাংগুৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মনোৰঞ্জন ব্ৰহ্মই আনুষ্ঠানিকভাৱে মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

Advertisment

বিপিএফৰ প্ৰাক্তন পাৰিষদ ইন্দ্ৰমোহন ব্ৰহ্ম, প্ৰাক্তন এন ডি এফ বি নেতা বি বিনাইছাৰ লগতে প্ৰায় ৮ সহস্ৰাধিক সমৰ্থকক লগত লৈ আজি মনোৰঞ্জন ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা কাৰ্যই দোতমা অঞ্চলত ইউপিপিএল আৰু বিপিএফৰ ভেঁটিত কপনি তুলিছে। মনোৰঞ্জন ব্ৰহ্ম পূৰ্বতে ইউপিপিএল দলৰ হৈ নিৰ্বাচন খেলি পৰাজয়বৰণ কৰিছিল যদিও আজি ইউপিপিএল ত্যাগ কৰি বিজেপিত যোগদান কৰা কাৰ্যই নতুন সমীকৰণৰ সৃষ্টি কৰিছে।

ড়

ইপিনে আজি যোগদান কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকি মনোৰঞ্জন ব্ৰহ্ম আৰু তেখওঁৰ লগত অহা আটাইকে বিজেপিৰ দলীয় প্ৰতীকচিহ্ন থকা টুপি, ফুলৰ থোপা আৰু  আৰনাইৰে আদৰণি জনায় ৷ মন্ত্ৰী সিংহলে দোতমা মণ্ডল বিজেপিৰ আজি বিশাল যোগদান কাৰ্যসূচীত বিজেপিৰ উত্থান দেখি আনন্দিত হোৱা বুলি সদৰী কৰি সমাজকৰ্মী মনোৰঞ্জন ব্ৰহ্মৰ বিজেপি যোগদানে দলটোক অধিক মজবুত কৰি তুলিলে বুলি প্ৰশংসা কৰে ৷

ুপৰ

তেওঁ মনোৰঞ্জন ব্ৰহ্মক দৰিদ্ৰ জনতাৰ কাষত থিয় দিয়া এজন ভাল সমাজকৰ্মী বুলি প্ৰশংসা কৰি তেওঁৰ আগমানে বিজেপি শিৱিৰত উৎসাহ আৰু মনোবল বৃদ্ধি কৰিব বুলি মন্তব্য কৰে ৷ মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত কেন্দ্ৰ আৰু ৰাজ্যত উভয়তে বিজেপি দল চৰকাৰ হোৱাৰ বাবে বড়োলেণ্ডত আজি শান্তি স্থাপন কৰাত সফল হোৱা বুলি দাবী কৰে ৷

তেওঁ কয় যে বিজেপি দলৰ লক্ষ্য বিটিচি দখলৰ বাবে নহয় বৰং বড়োভূমিৰ শান্তি চিৰস্থায়ী কৰাটোহে বিজেপি দলৰ লক্ষ্য ৷ বিটিচিকলৈ বিজেপিৰ কোনো স্বাৰ্থ নাই ৷ একমাত্ৰ স্বাৰ্থ হ'ল বড়োভূমিৰ শান্তি বৰ্তাই ৰখা। শান্তি যদি চিৰস্থায়ী কৰাৰ গেৰান্টি বিজেপিয়ে দিব পাৰে,সেয়ে বিজিপি দলক শক্তিশালী কৰিলেহে বিটিচিৰ শান্তি ধৰি ৰাখিব পাৰিব বুলি সদৰি কৰিছে মন্ত্ৰী অশোক সিংহলে ৷

িুপি

আজিৰ যোগদান সভাত কোকৰাঝাৰ জিলা বিজেপিৰ প্ৰভাৰী হৰেন দেউৰীয়ে বিটিচি অঞ্চলৰ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত সকলোকে বিজেপিত যোগদানৰ আহ্বান জনায় ৷ আনহাতে সভাত উপস্থিত থকা  বিটিচিৰ পাৰিষদ ৰেওৰেৱা নাৰ্জিহাৰীয়েও বিজেপি দলক ৰাইজক সেৱা কৰা দল বুলি আখ্যা দিয়ে ৷ বিটিচিৰ আন এগৰাকী কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই বিটিচিত বিজেপি চৰকাৰ হলে গাঞে ভূঞে হিচাপবিহীন উন্নয়ন হ'ব বুলি মন্তব্য কৰিছে।

একেদৰে বিটিচিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই নিজ ভাষণত মনোৰঞ্জন ব্ৰহ্মৰ যোগদানে দোতমা মণ্ডল বিজেপিক অধিক শক্তিশালী কৰিব বুলি আশা ব্যক্ত কৰে ৷ এইক্ষেত্ৰত কোকৰাঝাৰ জিলাৰ বিজেপি দলৰ বাৰটা মণ্ডল সমিতিক শক্তিশালী কৰি আগন্তুক নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ দিয়া হব বুলি কয় ৷ কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি গোসাই বসুমতাৰীয়ে আজি দোতমা মণ্ডলত বিজেপিৰ অনুষ্ঠিত বিশাল জনসমাগমে আগন্তুক দিনত বিটিচিত পদুম ফুল ফুলিব বুলি ভাষণ আগবঢ়ায় ৷

ু

ইপিনে বিজেপিত যোগদান কৰি সমাজকৰ্মী মনোৰঞ্জন ব্ৰহ্মই বিজেপিত যোগদান কৰাৰ সুবিধা পাই আনন্দিত হোৱা অনুভৱ ব্যক্ত কৰি তেওঁ বিজেপিৰ নীতি আদৰ্শলৈ কাম কৰি যাব বুলি সদৰি কৰিছে ৷ আজিৰ যোগদান কাৰ্যসূচীত বিটিআৰ কাৰ্যবাহী সদস্য সজল সিংহ,এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীকে ধৰি আন কেইবাগৰাকী নেতা উপস্থিত থাকি ভাষণ আগবঢ়ায় ৷ সভাখনত কেইবা সহস্ৰাধিক জনতা উপস্থিত থাকে । 

কোকৰাঝাৰ