Advertisment

অসম ৰাইফলছ-আৰক্ষীৰ পৃথক অভিযান : মণিপুৰত বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

হিংসাজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অসম ৰাইফলছে চলাইছে ব্যাপক অভিযান। চাণ্ডেল জিলাৰ দুটা পৃথক স্থানত অভিযান চলাই অসম ৰাইফলছে বুজণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিষ্ফোৰক সামগ্ৰী জব্দ কৰিছে।

author-image
Asomiya Pratidin
New Update
manipur

manipur

ডিজিটেল সংবাদ, শিলচৰ : হিংসাজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অসম ৰাইফলছে চলাইছে ব্যাপক অভিযান। চাণ্ডেল জিলাৰ দুটা পৃথক স্থানত অভিযান চলাই অসম ৰাইফলছে বুজণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিষ্ফোৰক সামগ্ৰী জব্দ কৰিছে।

Advertisment

উক্ত অভিযানত মেগজিনসহ আমেৰিকাত নিৰ্মিত এটা এম চিক্সটিন ৰাইফল জব্দ কৰিছে। একেদৰে স্থানীয়ভাৱে নিৰ্মিত ৩টা লাথোড বন্দুক, ১টা এ কে ৫৬ ৰাইফল, ৩ টা মেগজিনৰ সৈতে ১টা চীনত নিৰ্মিত এছাল্ট ৰাইফল, বুজণ পৰিমাণৰ আই ই ডি, লাথড বোমা আৰু ৫.৫৬ এম এম পিস্তলৰ বহু‌ গুলি জব্দ কৰিছে।  

ইয়াৰ উপৰি সন্ত্ৰাসবাদী গোটৰ দুজন সদস্যকো আটক কৰে অসম ৰাইফলছে।‌ পিচত জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু আটক কৰা ব্যক্তিক অধিক তদন্তৰ বাবে স্থানীয় আৰক্ষী থানাত চমজাই দিয়া বুলি জনায়।

ইফালে, পশ্চিম ইম্ফল জিলাত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে মেগজিনসহ দুটা নাইন এম এম পিষ্টল, মেগাজিনসহ ১টা  কাৰ্বাইন, ১টা .৩০৩ ৰাইফল, ১২ ব'ৰৰ ৩টা  ছিংগল বেৰেল গান, ৪টা হেণ্ড গ্ৰেনেড আৰু বিভিন্ন মাৰণাস্ত্ৰৰ বহুতো সজীৱ গুলি জব্দ কৰে।

manipur Silchar