ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ জিলাৰ ঐতিহাসিক জয়সাগৰৰ গাতে লাগি থকা শ’লগুৰি অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অঞ্চলটোৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ৰাম নাথৰ বাসগৃহত শুকুৰবাৰে দিনৰ ভাগতে অস্ত্ৰধাৰী ডকাইতৰ এটা দলে লুটপাত চলায় ৷
জানিব পৰা মতে দুজনীয়া পিষ্টলধাৰী ডকাইতে হত্যাৰ ভাবুকিৰে লুটি নিয়ে লক্ষাধিক টকাৰ সোণৰ গহণাৰ উপৰি বৃহৎ পৰিমাণৰ নগদ ধন ৷ দিনৰ প্ৰায় ১১- ২০ বজাত সংঘটিত হয় এই ঘটনা ৷
উল্লেখযোগ্য যে জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগতেই সংঘটিত হোৱা এই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে স্থানীয় এটা পৰিয়ালৰ বাসগৃহত লাগি থকা চি চি কেমেৰাত আৱদ্ধ হৈছে দুই সন্দেহজনক ডকাইতৰ অৱস্থিতি ৷
আন এক সূত্ৰৰ মতে উক্ত ঘটনাৰ সময়ত অধ্যক্ষগৰাকীৰ জীয়ৰী বাসগৃহত অকলে আছিল। যুৱতীগৰাকীক পিষ্টল দেখুৱাই আ-অলংকাৰৰ লগতে নগদ ধন লৈ যায় ডকাইতৰ দলটোৱে ৷ যুৱতীগৰাকীক ভয় ভাবুকি প্ৰদান কৰি দুই পিষ্টলধাৰী ডকাইতে প্ৰায় ১৫ ৰ পৰা ২০ মিনিট সময় ধৰি লুটপাত চলোৱা বুলি জানিবলৈ দিয়ে সূত্ৰটোৱে ৷
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে বৰ্তমানলৈকে একেটা অঞ্চলতে তিনিটা ডকাইতি কাণ্ড সংঘটিত হৈছে ৷ আৰক্ষীৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ৷