Advertisment

ওদালগুৰিৰ আংৰাজুলিত চাঞ্চল্যকৰ ঘটনা

ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী আংৰাজুলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ

ডিজিটেল সংবাদ, ওদালগুৰি : ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী আংৰাজুলিত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। দুষ্কৃতিকাৰীয়ে স্থানীয় গীৰ্জাৰ সমীপৰ কবৰৰ পৰা খান্দি উলিয়াই নিয়ে তিনিটাকৈ নৰকংকাল।

Advertisment

উল্লেখ্য যে ঘটনাটো সংঘটিত হৈছিল প্ৰায় এসপ্তাহমান পূৰ্বে। আংৰাজুলিৰ বেপ্টিষ্ট গীৰ্জাৰ কবৰস্থানৰ পৰা নোহোৱা হৈছিল তিনিটাকৈ নৰকংকাল। স্থানীয় ৰাইজে হাবি চাফা কৰি থকা অৱস্থাত কবৰস্থানটোৰ মাটি ছেদেলি ভেদেলি হৈ থকা প্ৰত্যক্ষ কৰে।

ইয়াৰ পাছত ভালকৈ চোৱাত কবৰস্থানৰ তিনিটাকৈ কবৰৰ নৰকংকাল নোহোৱা হোৱা প্ৰত্যক্ষ কৰে। লগে লগে অঞ্চলজুৰি খবৰটো বিয়পি পৰাত চাঞ্চল্যই বিৰাজ কৰে।

চুৰি হোৱা নৰকংকালৰ ভিতৰত এগৰাকী মহিলাৰ বিপৰীতে আছে দুগৰাকী পুৰুষৰ নৰকংকাল। কবৰস্থানৰ পৰা খান্দি নিয়া নৰকংকাল কেইটা হৈছে ক্ৰমে  সোণাৰ নাৰ্জাৰী, থানিজা ৰাভা আৰু হাবাচী বসুমতাৰীৰ।

ইয়াৰে সোণাৰ নাৰ্জাৰীৰ মৃত্যু হৈছিল ৫ বছৰ পূৰ্বে, থানিজা ৰাভাৰ মৃত্যু হৈছিল তিনি বছৰ পূৰ্বে আৰু হাবাচী বসুমতাৰীৰ দুবছৰ পূৰ্বে মৃত্যু হৈছিল। কোনে কি কাৰণত কবৰস্থ নৰকংকালকেইটা খান্দি নিলে সেয়া জানিব পৰা হোৱা নাই যদিও অনবিশ্বাসৰ ফলত অথবা কিবা পূজা-পাতলত ব্যৱহাৰৰ বাবে নৰকংকাল কেইটা উলিয়াই নিয়া বুলি সন্দেহ কৰা হৈছে।

ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ তদন্ত কৰি নৰকংকাল চুৰিৰ ঘটনাত জড়িত লোকক বিচাৰি উলিয়াই শাস্তিৰ দাবী কৰে। উল্লেখযোগ্য যে আংৰাজুলি অঞ্চলটো হৈছে ভূটান সীমান্তৰ পৰা প্ৰায় ডেৰ কিলমিটাৰ নিলগৰ এটা অঞ্চল।

ঘটনাটো সংঘটিত হোৱাৰ পাছত অঞ্চলটোলৈ ভূটানৰ আৰক্ষী অহা বুলিও অঞ্চলটোৰ ৰাইজে প্ৰকাশ কৰে। স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষীক এজাহাৰ দাখিল কৰে যদিও ঘটনা সন্দৰ্ভত কোনো দোষীক চিনাক্ত কৰিব পৰা নাই।

বাতৰি লিখা পৰলৈ আৰক্ষীৰ তৰফৰ পৰা কোনো তথ্যও প্ৰকাশ কৰা হোৱা নাই। উক্ত ঘটনাই যাতে শান্তি শৃংখলা বিঘ্নিত নকৰে তাৰ বাবে সকলোৱে আহ্বান জনাইছে।

udalguri