জ্যেষ্ঠ ফটো সাংবাদিক মুন্না আগৰৱালাক "সংবাদ সৌৰভ ২০২৫" বঁটা প্ৰদান

শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ অন্যতম শৈক্ষিক অনুষ্ঠান খেজুৰিতলৰ জ্ঞানজ্যোতি বিদ্যাপীঠত শুকুৰবাৰে শিৱসাগৰৰ জ্যেষ্ঠ ফটো সাংবাদিক মুন্না আগৰৱালাক "সংবাদ সৌৰভ ২০২৫" বঁটা প্ৰদান কৰা হয়

author-image
Asomiya Pratidin
New Update
316

ডিজিটেল সংবাদ, নামতি : শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ অন্যতম শৈক্ষিক অনুষ্ঠান খেজুৰিতলৰ জ্ঞানজ্যোতি বিদ্যাপীঠত শুকুৰবাৰে শিৱসাগৰৰ জ্যেষ্ঠ ফটো সাংবাদিক মুন্না আগৰৱালাক "সংবাদ সৌৰভ ২০২৫" বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে, শিক্ষানুষ্ঠানখনত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা।

Advertisment

পুৱা ৰূপজান মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নন্দেশ্বৰ শইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই শিশুৰ সাংস্কৃতিক, সামাজিক, আধ্যাত্মিক বিকাশ সাধনৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৃত্য-গীত, কবিতা, অভিনয়ৰ এক বাৰেৰহনীয়া অনুষ্ঠানৰ অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালভাৱে জ্ঞানজ্যোতি শৈক্ষিক সংস্থাই প্ৰদান কৰে "সংবাদ সৌৰভ ২০২৫" বঁটা।

বিগত বৰ্ষৰ পৰা সংস্থাটোৱে সাংবাদিকসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে উৎসাহ দিবৰ বাবে এই বঁটা প্ৰদান কৰি আহিছে। জ্ঞানজ্যোতি বিদ্যা পীঠক সঞ্চালিকা দেৱযানী শইকীয়া গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা আৰু সহঃ শিক্ষয়িত্ৰী দিম্পী চেতিয়াই আঁত ধৰা উক্ত অনুষ্ঠানটোত "সংবাদ সৌৰভ ২০২৫" এই বঁটা প্ৰদান কৰে শিৱসাগৰৰ এগৰাকী চৰকাৰী স্বীকৃতি প্ৰাপ্ত জেষ্ঠ ফটো সাংবাদিক মুন্না আগৰৱালাক।

"সংবাদ সৌৰভ বঁটা-২০২৫" বঁটাত এখন ফুলাম গামোচা, এটা জাঁপি, এখন চেলেং চাদৰ, এখন সম্বৰ্ধনা পত্ৰ আৰু এখন সংবাদ সৌৰভ স্মাৰক গ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰে জেষ্ঠ ফটো সাংবাদিক গৰাকীয়ে। ১৯৯৮ চনৰ পৰাই সংবাদ ক্ষেত্ৰখনত জড়িত থকা অমায়িক স্বভাৱৰ ফটো সাংবাদিক মুন্না আগৰৱালাই আবেগিক হৈ কয়, "নামতিবাসীয়ে মোক যিখিনি সন্মান দিলে, মই কোনোদিন পাহৰিব নোৱাৰো, মই উদ্যোক্তা সকলক আন্তৰিৰতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। আজিৰে পৰা মোৰ কামৰ দায়িত্ব আগতকৈ আৰু বাঢ়িল।"

ইফালে, উক্ত অনুষ্ঠানটোত উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে শিক্ষানুষ্ঠানখনৰ পৰিচালনা সভাৰ সভাপতি গিৰিণ কুমাৰ গগৈ, আটাছু শিৱসাগৰ জিলা সমিতিৰ সভাপতি অখিল আহোম, নামতি প্ৰেছ ক্লাৱৰ সম্পাদক জিয়াৰুদ্দিন আহমেদ আদিয়ে। তদুপৰি অনুষ্ঠানটিত উপস্থিত থাকে জ্ঞানজ্যোতি শৈক্ষিক সংস্থাৰ সভাপতি হেমন্ত গগৈ, বিশ্বজিত আৰন্ধৰা, শিক্ষয়িত্ৰী মমী নেওগ, হিমাশ্ৰী গগৈ, শাান্তিছায়া গগৈ, সাংবাদিক ক্ৰমে, ৰমিজ আহমেদ, মেহেক আগৰৱাল, বলিন গগৈকে প্ৰমোখ্য কৰি কৰি বহু গণ্য-মান্য ব্যক্তি।

নামতি