Advertisment

গুৰুতৰভাৱে অসুস্থ প্রবীণ সংবাদকর্মী বিদ্যাছিং ছেনাৰ, সহায়ৰ আহ্বান….

সৎ, সাহসী, জেষ্ঠ সংবাদকর্মীগৰাকীক এতিয়া সহায়ৰ প্ৰয়োজন। কোনো সুহৃদয়বান ব্যক্তিয়ে তেওঁক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে তলৰ ঠিকনাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, হাওৰাঘাট  সংবাদসেৱাৰ মাধ্যমেৰে বহু উল্লেখযোগ্য সামাজিক কাম সম্পন্ন কৰা সংবাদকৰ্মী বিদ্যাছিং ছেনাৰ গুৰুতৰভাৱে অসুস্থ । বহু ধৰণে দুখীয়া ছাত্র-ছাত্রীক সহায় কৰাৰ লগতে বহু দিশেৰে পিছপৰা অঞ্চলৰ ৰাইজক সহায় কৰি কৰি নিজে সর্বস্বান্ত হৈও মানৱ-সেৱাৰ কামত কোনো দিনে পিছ হুহুকি নহা এগৰাকী সৎ, সাহসী, প্রবীণ সংবাদকর্মী বিদ্যাছিং ছেনাৰ (৫৮) আজি দীর্ঘ দিন ধৰি গুৰুতৰভাবে অসুস্থ হৈ আছে।

Advertisment

ধনৰ অভাৱত তেওঁ নিজৰ অতি প্রয়োজনীয় চিকিৎসা কৰাব পৰা নাইআনকি প্রয়োজনীয় দৰৱ-পাতি কিনিবলৈকো অসমৰ্থ হৈ পৰি আছে। তেখেতে কোৱা মতে, তেওঁ সুস্থ হৈ থকা অৱস্থাত অলেখ মানুহক নিজৰ টকা-পইচাৰে সহায় কৰিছে, বহু ৰোগীক নিজৰ খৰচত বাহিৰলৈ নি চিকিৎসা কৰাইছে, বহু যুৱক-যুৱতীক কৰ্ম-সংস্থাপনৰ পথ দেখুৱাইছে, বহু ৰাজহুৱা সমস্যা সমাধানৰ বাবে নিজৰ সময় আৰু ধন খৰচ কৰিছে।

অথচ আজি তেখেতৰ জীৱন-মৰণৰ সমস্যাৰ সময়ত, কোনো সমর্থবান লোকে তেওঁৰ চিকিৎসাৰ বাবে সামান্য সহায় আগবঢ়াবলৈ আগবাঢ়ি অহা নাই । এনে এগৰাকী সমাজ-দৰদী মহৎ হৃদয়ৰ ব্যক্তিৰ এনে বিপদৰ মুহূৰ্তত, সকলো শুভাকাংক্ষী ব্যক্তিকে তেখেতৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ তেখেতৰ অসহায় পৰিয়ালে কাতৰ আহ্বান জনাইছে।

গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰিছে যদিও ধনৰ অভাৱত উন্নত চিকিৎসা কৰিব পৰা নাই। আনহাতে ধনৰ অভাৱত মাটি বন্ধকত দিব লগীয়া হোৱাৰ লগতে ল'ৰা-ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰতটো অন্তৰায় হৈ পৰিছে । বিদ্যালয় প্ৰতিষ্ঠা, ক্ৰীড়া সন্থা প্ৰতিষ্ঠা, বৈঠালাংছ' প্ৰেছ ক্লাৱৰ উপসভাপতিগৰাকী তিনি মাহৰ পৰা গুৰুতৰভাৱে অসুস্থ হোৱাৰ লগতে চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত হৈ আছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক ৰূপছিং টেৰণক কিছু সহায়ৰ কথা কোৱা হৈছিল যদিও বিধায়ক গৰাকীয়ে কথা দি আজি পৰ্যন্ত কোনো সহাৰি জনোৱা নাই বুলি জানিবলৈ দিছে।

সৎ, সাহসী, জেষ্ঠ সংবাদকর্মীগৰাকীক এতিয়া সহায়ৰ প্ৰয়োজন। কোনো সুহৃদয়বান ব্যক্তিয়ে তেওঁক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে তলৰ ঠিকনাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ।

সংবাদকর্মীগৰাকীৰ ঠিকনা: বিদ্যাছিং ছেনাৰ, টেংৰালাংছ' টকবি গাঁও, ডাকঘৰ-ৰজাগাঁও, পশ্চিম কাৰ্বি আংলং, অসম। ফোন: ৯৪৭৬৯ ৭২৫৭৭। বেংক একাউন্ট নম্বৰ 11860595 5188, আই এফ এছ চি ক'SBIN0007229.  গুগল পে (G/Pay): 9476972577

হাওৰাঘাট