জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায়ৰ অকাল বিয়োগ

হৃদৰোগত আক্ৰান্ত হৈ শ্যামল চন্দ্ৰ ৰায়ৰ মৃত্যু হয়। শ্যামল চন্দ্ৰ ৰায় নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সাংবাদিক আছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰীঃ  ধুবুৰী জিলাৰ আগমনিৰ জ্যেষ্ঠ সাংবাদিক শ্যামল চন্দ্ৰ ৰায়ৰ অকাল বিয়োগ। কোচবিহাৰৰ নাছিং হোমত আজি পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। হৃদৰোগত আক্ৰান্ত হৈ শ্যামল চন্দ্ৰ ৰায়ৰ মৃত্যু হয়। শ্যামল চন্দ্ৰ ৰায় নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তাৰ সাংবাদিক আছিল।

তাৰোপৰি শ্যামল চন্দ্ৰ ৰায় আগমনি গোলকগঞ্জ প্ৰেছ ক্লাবৰ সভাপতি আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ পুত্ৰক এৰি থৈ যায়। জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত আগমনিকে ধৰি ধুবুৰীত শোকৰ ছাঁ পৰিছে।

ধুবুৰী জিলা