মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু
Published on
Updated on

ডিজিটেল সংবাদ: মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। মৰিগাঁও চহৰৰ সমীপবৰ্তী টেঙাগুড়িত নিশা সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা।

মটৰ চাইকেলৰ সৈতে পৰি থকা অৱস্থাত টেঙাগুড়িৰ পথত কেইজনমান স্থানীয় যুৱকে প্ৰত্যক্ষ কৰি ১০৮ এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ আনিছিল যদিও ৰাতুল ডেকাক মৃত ঘোষণা কৰে চিকিৎসকে।

জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা পূৰ্বে কেইবাটাও চেটেলাই চেনেল, বাতৰি কাকতত কৰ্মৰত হৈ আছিল আৰু বৰ্তমাম ETV Bhart ত কৰ্মৰত আছিল। প্ৰত্যেকটো মুহূৰ্ততে মুখত হাঁহি থকা ৰাতুল ডেকাৰ মৃত্যুৱে সমগ্ৰ মৰিগাঁৱতে শোকৰ ছাঁ পেলাইছে।

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ এজন নিষ্ঠাবান কাৰ্মী তথা মৰিগাওঁ জিলা সমিতিৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতৰ কাৰ্যনিৰ্বাহক সদস্য ৰাতুল ডেকা মৃত্যুত চৰাইদেউ প্ৰেছ ক্লাবে দুখ প্ৰকাশ কৰিছে ৷

এক শোকবাৰ্তাত ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা আৰু সম্পাদক প্ৰণৱ বৰগোঁহাইয়ে কয়, ডেকাৰ মৃত্যু খবৰটোৱে আমাক যথেষ্ট মৰ্মাহত কৰিছে৷ ডেকাৰ মৃত্যু সংবাদ জগতৰ লগতে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ বাবে বৃহৎ ক্ষতি বুলি মন্তব্য কৰি তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু
ধুবুৰীৰ গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ক'লা পতকা উত্তোলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in