/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/863df686-6a94-45d6-9902-708528b5f5e2/bokakhat_26.jpg)
bokakhat
ডিজিটেল ডেস্কঃ বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক প্ৰদ্যুত মহন্ত আৰু নাই। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা সাংবাদিকগৰাকীয়ে আজি সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ কেই মুহূৰ্তমানৰ পূৰ্বে প্ৰদ্যুত মহন্তই তেওঁৰ ফেচবুক একাউণ্টৰ পৰা এটা আপডেট দিছিল। নিজৰ অন্তিম ফেচবুক আপেডটত তেওঁ ৰোগীয়া দেহৰ বাবে ৰাইজৰ উপস্থিতিত এক মহান অনুষ্ঠানৰ সংকল্প লোৱা বুলি উল্লেখ কৰিছিল। এই অনুষ্ঠানৰ বাবে তেওঁ ৰাইজৰ আশীৰ্বাদো বিচাৰিছিল। কিন্তু এই অনুষ্ঠানৰ বিষয়ে তেওঁ সবিশেষ একো লিখা নাছিল।
উল্লেখ্য যে বোকাখাত মহকুমাৰ বৈদ্যুতিন মাধ্যমৰ বাটকটীয়া আছিল প্ৰদ্যুত মহন্ত। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মহন্তই নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ হাস্পতালত চিকিৎসা গ্ৰহণ কৰি আছিল। সোমবাৰে ৪২ বছৰ বয়সত তেওঁ এই হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে।
এন ই টিভিৰ সাংবাদিক হিচাপে বৈদ্যুতিন মাধ্যমৰ সংবাদজগতত প্ৰৱেশ কৰা প্ৰদ্যুত মহন্তই মৃত্যু পৰ্যন্ত নিউজ ১৮ অসম নৰ্থ ইষ্ট নামৰ চেটেলাইট চেনেলটোৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল। ইয়াৰ উপৰিও তেওঁ বোকাখাতৰ স্থানীয় কেইবাটাও সংবাদ সংস্থাৰ লগত জড়িত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে।