বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক দিল্লীৰ হাস্পতালত ভৰ্তিঃ চিকিৎসকে কৈছে বিপদমুক্ত...

ৰাজ্যৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ সূত্ৰ অনুসৰি চিকিৎসকে জনাইছে বৰ্তমান বিপদমুক্ত তেওঁ।

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক দিল্লীৰ হাস্পতালত ভৰ্তিঃ চিকিৎসকে কৈছে বিপদমুক্ত...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক দিল্লীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা জ্যেষ্ঠ সাংবাদিকগৰাকী যোৱা সময়ছোৱাত গুৱাহাটীৰ পৰিবৰ্তে জন্মগাওঁ নলবাৰীৰ বড়িদতৰাত আছিল। তাৰ মাজতেই তেওঁক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা হৈছিল।

পৰিয়ালসূত্ৰত জানিব পৰা মতে ২৪ জুনত তেওঁক দিল্লীলৈ লৈ যোৱাৰ পিছত চিকিৎসকক দেখুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱাই। প্ৰথম অৱস্থাত তেওঁক চিকিৎসকে প্ৰাথমিক পৰীক্ষাৰ পিছতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়ে যদিও মধুমেহ ৰোগত আক্ৰান্ত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ শৰীৰত Creatineৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে। সেই মতেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে পৰিয়ালৰ লোকে জনোৱা অনুসৰি চিকিৎসকে তেওঁক বিপদমুক্ত বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে, কিছু মাহ পূৰ্বে এইগৰাকী বিশিষ্ট ৰাজনৈতিক বিশ্লেষক, সুবক্তা এইগৰাকী জ্যেষ্ঠ সাংবাদিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ আছিল। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছতেই তেওঁ নলবাৰীৰ জন্মগৃহলৈ গৈ তাতেই আছিল। আজি তেওঁৰ পুনৰ চিকিৎসালয়ত ভৰ্তি কাৰৰ খবৰে অৱশ্যে তেওঁৰ অনুগামীসকলক চিন্তিত কৰি তুলিছে।

হাইদৰ হুছেইন