Advertisment

বাংলাদেশত বাংলাত অনুদিত হৈ প্ৰকাশ পালে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ গ্ৰন্থ 'গেৰিলা'

অসমৰ বিদ্ৰোহী সমস্যা, ইয়াৰ ইতিবৃত্তক সামৰি ২০২০ চনত প্ৰকাশ পোৱা জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ গৱেষণা তথা সাক্ষাৎকাৰ মূলক গ্ৰন্থ 'গেৰিলা' এইবাৰ প্ৰকাশ পালে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ৷

author-image
Asomiya Pratidin
New Update
বিজু কুমাৰ ডেকাৰ গ্ৰন্থ 'গেৰিলা'

বিজু কুমাৰ ডেকাৰ গ্ৰন্থ 'গেৰিলা'

ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ বিদ্ৰোহী সমস্যা, ইয়াৰ ইতিবৃত্তক সামৰি ২০২০ চনত প্ৰকাশ পোৱা জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ গৱেষণা তথা সাক্ষাৎকাৰ মূলক গ্ৰন্থ 'গেৰিলা' এইবাৰ প্ৰকাশ পালে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ৷ বাংলাদেশৰ ৰাজধানী ঢাকাত আয়োজিত দেশখনৰ সৰ্ববৃহৎ গ্ৰন্থমেলাত প্ৰকাশ পালে 'গেৰিলা'ৰ বাংলা সংস্কৰণ ৷

Advertisment

উল্লেখযোগ্য যে ঢাকাত চলি আছে দেশখনৰ সৰ্ববৃহৎ গ্ৰন্থমেলা ৷ এক ফেব্ৰুৱাৰীৰ পৰা চলি থকা এই গ্ৰন্থমেলাতেই প্ৰকাশ পালে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ 'গেৰিলা' শীৰ্ষক গ্ৰন্থখনৰ বাংলা সংস্কৰণ ৷ দেশখনৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী 'কেন্দ্ৰবিন্দু'ৰ বিপনীত উপলব্ধ হৈছে গ্ৰন্থখন ৷ যুৱ উদ্যোগী তথা অনুবাদক ওৱাহিদ তুষাৰে কৰিছে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ 'গেৰিলা' শীৰ্ষক গ্ৰন্থখনক বঙালী ভাষালৈ অনুবাদ ৷ 

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ২০২০ চনৰ ২০ জুনত গুৱাহাটী প্ৰেছ ক্লাৱত অসমীয়া ভাষাত মূল গ্ৰন্থখন উন্মোচিত হৈছিল ৷ নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা(স্বাধীন)ৰ সেই সময়ৰ সভাপতি ড° অভিজিত অসম, NSCN(IM)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা, NSCN(K)ৰ অধ্যক্ষ য়ুং য়াং, সেই সময়ৰ NDFB(S)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা, আৰু সেই সময়ৰ আলোচনাৰত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ সাক্ষাৎকাৰ সন্নিৱিষ্ট হৈছিল 'গেৰিলা'ত ৷ 

উল্লেখযোগ্য যে উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সমস্যা, জাতিগত উগ্ৰপন্থাৰ আৰম্ভণি আৰু ইয়াৰ বিস্তৃতিকে আদি কৰি পোনপটীয়া তথ্য এই গ্ৰন্থত লিপিবদ্ধ কৰিছে জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই ৷ এই গ্ৰন্থখনেই এতিয়া বাংলা সংস্কৰণত বাংলাদেশৰ ঢাকাৰ ৰাজধানী ঢাকাত উপলব্ধ কৰিছে দেশখনৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী কেন্দ্ৰবিন্দুয়ে ৷

প্ৰকাশক আৰু অনুবাদকে আশা কৰিছে অসম আৰু উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থাৰ ওপৰত লিপিবদ্ধ 'গেৰিলা'ৰ বাংলা সংস্কৰণক দেশখনৰ পাঠকে আঁকোৱালি ল'ব ৷

book