ডিজিটেল সংবাদ, হাওৰাঘাট : হাওৰাঘাট অঞ্চলৰ এগৰাকী সৎ, সাহসী সংবাদকর্মী হিচাপে পৰিচিত বিদ্যাছিং ছেনাৰ আৰু নাই। শুকুৰবাৰে পুৱতি নিশা প্ৰায় ৩-০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। জানিব পৰা মতে দীৰ্ঘদিন ধৰি গুৰুতৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী অৱস্থাত আছিল সাংবাদিকগৰাকী ।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে বিদ্যাছিং ছেনাৰে সংবাদসেৱাৰ মাধ্যমেৰে বহু উল্লেখযোগ্য সামাজিক কাম সম্পন্ন কৰিছিল। ইয়াৰ উপৰি নিজৰ সময়, কষ্টোপার্জিত ধন খৰচ কৰি বিভিন্ন প্ৰকাৰে দুখীয়া ছাত্ৰ-ছাত্ৰীক সহায় কৰিছিল।
লগতে পশ্চিম কাৰ্বি আংলঙৰ পিছ পৰা অঞ্চলৰ ৰাইজক বহু দিশেৰে সহায় কৰি কৰি নিজে সর্বস্বান্ত হৈও মানৱসেৱাৰ কামত কোনো দিনে পিছ হুহুকি অহা নাছিল তেওঁ। কিন্তু নিয়তিৰ কি পৰিহাস, শুকুৰবাৰে এইগৰাকী সৎ সাহসী সংবাদকর্মীয়ে সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় মাগে। আর্থিক অভাৱৰ বাবেই প্রয়োজনীয় তথা উন্নত চিকিৎসা কৰোৱাব নোৱাৰা বাবেই সাংবাদিকগৰাকীৰ অকাল মৃত্যু ঘটা বুলি একাংশই ক্ষোভ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে সুস্থ হৈ থকা অৱস্থাত বিদ্যাছিং ছেনাৰে অসংখ্য দুখীয়া লোকক নিজৰ টকা-পইচাৰে সহায় কৰাৰ উপৰি বহু যুৱক-যুৱতীক কৰ্ম-সংস্থাপনৰ বাট দেখুৱাইছিল। অসংখ্য ৰোগীক নিজৰ টকাৰে বাহিৰলৈ নি চিকিৎসা কৰোৱাইছিল তেওঁ। স্থানীয়ভাৱে বহু শিক্ষানুষ্ঠান গঢ়ি তোলাত আগ ভাগ লোৱা সাংবাদিকগৰাকীয়ে আনকি নিজৰ মাটি বন্ধকত থৈও বহু অসহায় পৰিয়ালক জীয়াই থকাৰ ব্যৱস্থা কৰি দিছিল।
কিন্তু পৰিতাপৰ কথা যে তেখেতৰ নিজৰ জীৱন-মৰণ সমস্যাৰ সময়ত তেখেতৰ পৰা সহায় লাভ কৰা লোকসকলে তেওঁলৈ পিঠি দিয়া বুলি সচেতন মহলে আক্ষেপ প্ৰকাশ কৰে। আনকি তেওঁৰ টকা আৰু সহায়েৰে ৰাজনৈতিক ক্ষেত্ৰত সফল হোৱা বহু জননেতাই তেওঁৰ গুৰুতৰ অসুস্থতাৰ সময়ত তেওঁৰ খবৰ ল'বলৈ আহৰি নোপোৱা বুলি ক্ষোভ প্ৰকাশ কৰে।
কেৱল ইমানেই নহয়, স্থানীয় বিধায়ক ৰূপছিং টেৰণ আৰু ই এম প্রভাত চন্দ্ৰ তাৰ'ৰ তৰফৰ পৰাও সাংবাদিকগৰাকীয়ে সহায়ৰ নামত এটা ফুটাকড়িও নাপালে। চিকিৎসাৰ বাবে মাটি-বাৰী, গৰু-গাই পর্যন্ত বিক্ৰী কৰি সৰ্বস্বান্ত হোৱা বিদ্যাছিং ছেনাৰৰ জীৱনৰ শেষ পর্যায়ত কিছু দুখীয়া লোকেহে আর্থিক সহায় আগবঢ়াইছিল যদিও সেয়া তেওঁৰ চিকিৎসাৰ বাবে যথেষ্ট নাছিল।
৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট সমাজ-হিতৈষী সাংবাদিকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীসহ দুই পুত্র আৰু একমাত্র জীয়ৰীক শোকাকুল আৰু অসহায় অৱস্থাত এৰি থৈ যায়। তেওঁৰ মৃত্যুত সমগ্র পশ্চিম কাৰ্বি আংলং জিলাতে শোকৰ ছাঁ পৰিছে।
সাংবাদিকগৰাকীৰ অকাল বিয়োগত স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনৰ উপৰি টেংৰালাংছ' শাখা সাহিত্য সভা, বৈঠালাংছ' শাখা সাহিত্য সভাসহ পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাই শোক প্ৰকাশ কৰে। সাহিত্যিক টংক কোঁৱৰ, ৰাণা কাফলে, শিক্ষক কাশীনাথ ভট্ট, প্রদীপ চুব্বা, সাংবাদিক মুন কুমাৰ ডেকা, ধর্মেন্দ্র খাখলাৰী, নাৰায়ণ বৰুৱা, নেত্ৰ কমল শৰ্মা, ভাৰত চাহু, ৰত্নকান্ত পাঠক, ৰাহুল টেৰনেও গভীৰ শোক প্ৰকাশ কৰিছে।
সাংবাদিকগৰাকীয়ে প্রতিষ্ঠা কৰা স্থানীয় টেংৰালাংছ' হাইস্কুলৰ ছাত্র-ছাত্রীসকলে আজি পুৱা প্রয়াত সাংবাদিকগৰাকীৰ নশ্বৰ দেহত মাল্যার্পণ কৰে। তদুপৰি অলেখ গুণমুগ্ধ আহি ভিৰ কৰে আৰু সাংবাদিকগৰাকীলৈ শেষ শ্রদ্ধা নিবেদন কৰে।