ৰাজৌৰীত পাকিস্তানৰ গোলাবৰ্ষণঃ প্ৰাণ হেৰুৱালে জম্মু কাশ্মীৰ প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াই

চিকিৎসাৰ সময়তে আঘাতপ্ৰাপ্ত হৈ থাপাৰ মৃত্যু হয়। ইফালে তেওঁৰ কৰ্মচাৰী দুজনৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই।

author-image
Asomiya Pratidin
New Update
ংনংন

ডিজিটেল ডেস্কঃ  আজি পুৱা পাকিস্তানে জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক লক্ষ্য কৰি লৈ গোলাবৰ্ষণ কৰে। এই ঘটনাত জম্মু-কাশ্মীৰৰ এগৰাকী চৰকাৰী বিষয়া নিহত হয়। অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত ৰাজ কুমাৰ থাপাৰ মৃত্যুত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শোক প্ৰকাশ কৰে।

Advertisment

জানিব পৰা মতে, আজি বিষয়াজনৰ ৰাজৌৰীস্থিত বাসগৃহত পাকৰ গোলাবৰ্ষণ হয়। এই ঘটনাত দুজন কৰ্মচাৰীৰ সৈতে অতিৰিক্ত জিলা উন্নয়ন আয়ুক্ত থাপা গুৰুতৰভাৱে আহত হয়। লগে লগে চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

চিকিৎসাৰ সময়তে আঘাতপ্ৰাপ্ত হৈ থাপাৰ মৃত্যু হয়। ইফালে তেওঁৰ কৰ্মচাৰী দুজনৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই।

তেওঁ কয়, "ৰাজৌৰীত সংঘটিত গোলাবৰ্ষণত আমি জে এণ্ড কে প্ৰশাসনৰ এগৰাকী নিষ্ঠাবান বিষয়াক হেৰুৱাইছো। কালি তেওঁ উপ মুখ্যমন্ত্ৰীৰ লগত জিলাখনৰ চাৰিওফালে তদাৰক কৰি আছিল। মই অধ্যক্ষতা কৰা অনলাইন সভাতো অংশ লৈছিল ৰাজ কুমাৰ থাপাই ।

তেওঁ লগতে কয়, আজি বিষয়াজনৰ বাসগৃহত পাক গোলাবৰ্ষণত আঘাতপ্ৰাপ্ত হৈ ৰাজ কুমাৰ থাপাই মৃত্যুক সাৱতি লয়। তেওঁৰ মৃত্যুৰ খবৰে মোক অতি মৰ্মাহত কৰিছে। মই ভাষা হেৰুৱাই পেলাইছো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।

ওমৰ আব্দুল্লা জম্মু-কাশ্মীৰ পাকিস্তানৰ বিস্ফোৰণ