ঢকুৱাখনাৰ প্ৰবীণ কংগ্ৰেছ নেতা পদ্ম সোণোৱালৰ বিয়োগত শোক...

ঢকুৱাখনা সমজিলাৰ সোনাৰী চাপৰিৰ বালিজান কছাৰী গাঁৱৰ বাসিন্দা,  জ্যেষ্ঠ নাগৰিক,  একালৰ ঘিলামৰা ব্লক কংগ্ৰেছৰ এগৰাকী সদা সক্ৰিয় কৰ্মী পদ্ম সোনোৱালৰ শুকুৰবাৰে মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাৰ প্ৰবীণ কংগ্ৰেছ নেতা পদ্ম সোণোৱালৰ বিয়োগত শোক...

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ সোনাৰী চাপৰিৰ বালিজান কছাৰী গাঁৰ বাসিন্দা,  জ্যেষ্ঠ নাগৰিক,  একালৰ ঘিলামৰা ব্লক কংগ্ৰেছৰ এগৰাকী সদা সক্ৰিয় কৰ্মী পদ্ম সোনোৱালৰ শুকুৰবাৰে মৃত্যু হয়। বাৰ্ধক্যজনিত কাৰণত পুত্ৰৰ সোনাৰী চাপৰিস্থিত বাসগৃহত পুৱা প্ৰায় ৬-১৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে সমাজ প্ৰাণ, বয়স্ক নাগৰিকগৰাকীয়ে।

Advertisment

মৃত্যুৰ সময়ত সোণোৱালৰ বয়স হৈছিল প্ৰায় ৮০ বছৰ। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী উৎসৰ্গিত মনোভাবাপন্ন অগ্ৰণী কৰ্মী, সোনাৰী চাপৰি মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন উপ সভাপতি, সোনাৰী চাপৰি গাওঁ পঞ্চায়তৰ তদানীন্তন সভাপতি, বৃহত্তৰ সোনাৰী চাপৰিৰ সমাজহিতৈষী ব্যক্তি হিচাবে সুনাম থকা পদ্ম সোণোৱালৰ বিয়োগত শোকৰ ছাঁ পৰিছে সমগ্ৰ ঢকুৱাখনাত।

দলৰ এগৰাকী জ্যেষ্ঠ কৰ্মীৰ বিয়োগত শোকৰ ছাঁ পৰিছে ঢকুৱাখনাৰ কংগ্ৰেছ মহলতো। প্ৰবীণ নেতাগৰাকীৰ বিয়োগত প্ৰদেশ কংগ্ৰেছৰ নেতা ড০ সুৰজিত দলে, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি সত্য চমুৱা, সম্পাদক ৰাকেশ পেগু,  জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী নীল কান্ত পেগু, সোনাৰী চাপৰি মণ্ডল কংগ্ৰেছৰ সভাপতি প্ৰণৱ পেগু,  সম্পাদক চন্দ্ৰ পেগু, আঞ্চলিক পঞ্চায়তৰ সদস্য সতীশ পেগু,  সোনাৰী চাপৰি সদৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য গোবিন্দ্ৰ পেগুকে ধৰি দলৰ গৰিষ্ঠ সংখ্যক নেতা বিষয়ববীয়াই গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে। 

নিষ্ঠাবান কৰ্মীগৰাকীৰ বিয়োগৰ খবৰ পাই পুৱাই অগণন শুভাকাংক্ষী উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত সোনোৱালে ৩ পুত্ৰ ,পত্নীসহ অজস্ৰ ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ গৈছে।

কংগ্ৰেছ ঢকুৱাখনা