ৰাজ্যসভাৰ বিৰোধী দলপতি পদ ত্যাগ মল্লিকাৰ্জুন খাৰ্গেৰঃ প্ৰতিদ্বন্দি শশী ঠাৰুৰে আখ্যা দিলে 'পিতামহ'...

আজি দাখিল কৰিলে মনোনয়ন পত্ৰ

author-image
Asomiya Pratidin
New Update
ৰাজ্যসভাৰ বিৰোধী দলপতি পদ ত্যাগ মল্লিকাৰ্জুন খাৰ্গেৰঃ প্ৰতিদ্বন্দি শশী ঠাৰুৰে আখ্যা দিলে 'পিতামহ'...

congress president election

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ বিৰোধী নেতাৰ পদৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ মল্লিকাৰ্জুন খাৰ্গেই। কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে গান্ধী পৰিয়ালৰ পৰামৰ্শৰ ভিত্তিত আজি মনোনয়ন দাখিল কৰা মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ 'এজন ব্যক্তি, এটা পদ' নিয়মৰ আধাৰত ৰাজ্যসভাৰ বিৰোধী দলপতি পদ ত্যাগ কৰিছে।

Advertisment

উল্লেখ্য যে, কংগ্ৰেছ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জটিলতা দূৰ কৰি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে মল্লিকাৰ্জুন খাৰ্গেক অশোক গেহলটৰ বিকল্প হিচাপে বিচাৰি উলিয়াই। পূৰ্বে গান্ধী পৰিয়ালে মহাষ্ট্ৰৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী অশোক গেহলটক সভাপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ পৰামৰ্শ আগবঢ়াইছিল যদিও পৰৱৰ্তী সময়ত তেওঁ দলীয় আভ্যন্তৰীণ বিবাদৰ বাবে এই নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থাকে।

মল্লিকাৰ্জুন খাৰ্গে সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰাটো নিশ্চিত হোৱাৰ পিছতে এতিয়া জি-২৩ গোটৰ অন্যতম নেতা শশী ঠাৰুৰ এই নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। কিয়নো জি-২৩ গোটৰো কেইবাজনো জ্যেষ্ঠ নেতাই মল্লিকাৰ্জুন খাৰ্গেলৈ সমৰ্থন আগবঢ়াইছে।

সভাপতি কেন্দ্ৰিক যুঁজখনত কিছু সময়ৰ বাবে চৰ্চালৈ অহা দিগ্বিজয় সিঙেও মল্লিকাৰ্জুন খাৰ্গেলৈ মুকলি সমৰ্থন আগবঢ়াইছে। ইফালে এই নিৰ্বাচনত নিৰপেক্ষতা ৰক্ষা কৰিবলৈ গান্ধী পৰিয়ালৰ সদস্যসকলে হয়তো ভোটদান কৰাৰ পৰা বিৰত থাকিব। ইফালে শশী ঠাৰুৰেও মল্লিকাৰ্জুন খাৰ্গেক নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে আদৰণি জনাইছে। তেওঁ মল্লিকাৰ্জুন খাৰ্গেক কংগ্ৰেছৰ পিতামহ আখ্যা দিছে।

ইফালে শেহতীয়াকৈ সভাপতিৰ এই নিৰ্বাচনৰ যুঁজখনত আবিৰ্ভাৱ ঘটিছে আন এজন ব্যক্তিৰ । ঝাৰখখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীয়েও কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে। সেয়া যিয়েই নহওক মূল যুঁজখন যে মল্লিকাৰ্জুন খাৰ্গে আৰু শশী ঠাৰুৰৰ মাজতেই হ'ব সেই কথা নিশ্চিত।

sonia gandhi CONGRESS PRESIDENT ELECTION sashi tharor congress mallikarjun kharge