/asomiyapratidin/media/media_files/2025/07/14/new-ap-web-8-4-2025-07-14-23-23-38.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন উপ সভাপতি, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক, পশ্চিম মাছখোৱাৰ এগৰাকী অগ্ৰণী সৰ্বপৰিচিত যুৱ নেতা গৌতম গগৈৰ আকস্মিক বিয়োগ ঘটিছে। ঢকুৱাখনাৰ শিঙিয়া গাঁওৰ বাসিন্দা গগৈয়ে সোমবাৰে ঘৰৰ সমীপৰ এটা পথ নিৰ্মাণ কামত ব্যস্ত থকাৰ সময়তে অকস্মাত ট্ৰেক্টৰৰ ট্ৰেইলৰৰ চেঁপাত পৰে ।
সোমবাৰে দুপৰীয়া সংঘটিত এই ঘটনাৰ পাছত গুৰুতৰ ভাবে জখম হোৱা গগৈক ঘিলামৰা সামূহিক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছত ডিব্ৰুগড়ত জৰুৰী চিকিৎসা প্ৰদানৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে সৰবৰহি গৌতম গগৈয়ে। লখিমপুৰ মহাবিদ্যালয়ত ইংৰাজী বিষয়ত সন্মান সহ অধ্যয়ন কৰি থকা অৱস্থাতে ছাত্ৰ একতা সভাৰ উপ-সভাপতি নিৰ্বাচিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সংস্পৰ্শলৈ আহে মেধাবী ছাত্ৰ নেতা গগৈ।
পৰবৰ্তী সময়ত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ অতি ঘনিষ্ঠ হৈ ঢকুৱাখনা ব্লক কংগ্ৰেছক সফল ভাবে নেতৃত্ব দিয়া গগৈয়ে নৰহ দম্পত্তিৰ একান্ত অনুগত হৈ সুদীর্ঘ দিন ধৰি দলীয় আৰু সাংগঠনিক কামত ব্ৰতী হৈছিল। শেহতীয়াকৈ গেৰুৱা দলত যোগদান কৰা গগৈৰ আকস্মিক বিয়োগত সমগ্র ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে ।
এগৰাকী একনিষ্ঠ দলীয় অগ্ৰণী কৰ্মীৰ বিয়োগত ঢকুৱাখনা ব্লক কংগ্ৰেছৰ প্ৰাক্তন নেতা অনন্ত দাস, প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ লগতে অগণন ব্যক্তি, সংগঠনে শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰিছে। গগৈৰ আকস্মিক বিয়োগত সমগ্র ঢকুৱাখনাত শোকৰ বন্যা বৈছে।