নগাঁৱৰ পৰা সন্ধানহীন জ্যেষ্ঠ নাগৰিক প্ৰকাশ ফুকন

নগাঁও চহৰৰ খ্ৰীষ্টানপট্টীত বাস কৰা এগৰাকী জ্যেষ্ঠ নাগৰিক শনিবাৰৰ পৰা সন্ধানহীন হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰামতে শনিবাৰে পুৱা প্ৰায় ৭ বজাত খ্ৰীষ্টানপট্টীৰ ভাড়াঘৰৰ পৰা প্ৰকাশ ফুকন নামৰ ৭২ বছৰীয়া লোকজন ওলাই গৈছিল।

author-image
Asomiya Pratidin
New Update
DDFDFDF

নগাঁৱৰ পৰা সন্ধানহীন জ্যেষ্ঠ নাগৰিক প্ৰকাশ ফুকন

ডিজিটেল সংবাদ, নগাঁও: নগাঁও চহৰৰ খ্ৰীষ্টানপট্টীত বাস কৰা এগৰাকী জ্যেষ্ঠ নাগৰিক শনিবাৰৰ পৰা সন্ধানহীন হৈ থকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰামতে শনিবাৰে পুৱা প্ৰায় ৭ বজাত খ্ৰীষ্টানপট্টীৰ ভাড়াঘৰৰ পৰা প্ৰকাশ ফুকন নামৰ ৭২ বছৰীয়া লোকজন ওলাই গৈছিল। ইয়াৰ পিছৰে পৰা লোকজন সন্ধানহীন হৈ পৰে। 

পৰিয়ালৰ লোকে জনোৱা মতে, পুৱা ফুকনক ভাড়াঘৰৰ সন্মুখৰ কলং কপিলী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ সমীপত এখন ঈ ৰিক্সাত বহি থকা অৱস্থাত চি চি টিভি ফুটেজত প্ৰত্যক্ষ কৰা হৈছিল।পৰিয়ালৰ সূত্ৰই সদৰি কৰা মতে, এসময়ত চাহ-বাগিচাত কৰ্মৰত প্ৰকাশ ফুকনৰ প্ৰকৃত ঘৰ যোৰহাট জিলাৰ টিয়ক আৰক্ষী থানাৰ অন্তৰ্গত বনমাত। বৰ্তমান কৰ্মসূত্ৰে নগাঁও চহৰত ভাড়াঘৰত তেওঁৰ জীয়ৰী নগাঁও কলেজৰ সহযোগী অধ্যাপিকা পৰিস্মিতা ফুকনৰ লগত আছিল। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও লোকজনৰ সন্ধান উলিয়াব পৰা নাই। 

ইতিমধ্যে এই সন্দৰ্ভত তেওঁৰ জীয়ৰী পৰিস্মিতা ফুকনে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় লোকে লোকজনৰ সন্ধান পালে ৭৮৯৬৩২৬৭২২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।

নগাঁও চহৰ নগাঁও