/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0fa1d82b-8391-438f-84af-0f9d7eb19f13/nagarik_sabha.jpg)
senior citizen meetings
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু উলুৱনি ৰাইজৰ সহযোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়।
উলুৱনিৰ কস্তুৰবা আশ্ৰম চৰকাৰী বুনিয়াদী বিদ্যালয় প্ৰাংগনত আয়োজিত অনুষ্ঠানৰ পুৱা পতাকা উত্তোলনৰে দিৱসৰ পাতনি মেলে নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি দিকবীৰ কাৰ্কীয়ে ।
স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই। ইয়াৰ পাছতে বিয়লি অনুষ্ঠিত মুকলি সভাত স্থানীয় বিশিষ্ট শিল্পী তথা জ্যেষ্ঠ নাগৰিক ক্ৰমে , ভূমি ডেকা আৰু মুনীন্দ্ৰ সৰকাৰক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস।
দিকবীৰ কাৰ্কীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা আৰু আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে ডা০ হৰলাল বিশ্বাস আৰু ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰৰ শাখা প্ৰৱন্ধক অনুপ ধৰে।
জ্যেষ্ঠ নাগৰিক পুস্পলতা শইকীয়া, নগেন শৰ্মা, পুস্পকান্ত খনিকৰ, ধীৰেন্দ্ৰ কুমাৰ হাজৰিকাক একোখনি ফুলাম গামোচাৰে আদৰণি জনোৱা সভাত উপস্থিত ৰাইজৰ হৈ হেমোধৰ হাজৰিকা, কনক চন্দ্ৰ বসুমতাৰী আৰু গোলাপ খাকলাৰীয়ে দু-আষাৰ কয়। নবীন বৰঠাকুৰে আঁত ধৰা সভাৰ উদেশ্যে ব্যাখ্যা কৰে সম্পাদক পুস্পেন্দ্ৰ শইকীয়াই।