/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ecd220a2-df2d-4a02-911d-5dfa1d75f46f/bjp_neta.jpg)
Kiran bora
ডিজিটেল সংবাদ,নগাঁওঃ কামপুৰৰ প্ৰবীন বিজেপি নেতা কিৰণ বৰাৰ পৰলোকপ্ৰাপ্তি ৷ তেওঁ ৬০ দশকতে জনসংঘৰ সদস্য হৈ পিছলৈ ভাৰতীয় জনতা দলৰে জড়িত হৈ সক্ৰিয়ভাৱে কাম কাজত জড়িত হৈ পৰিছিল ৷ জনসংঘৰ “আলোক“ আলোচনীৰ সদস্য হিচাপে নিষ্ঠাৰে কাম কৰিছিল প্ৰয়াত বৰাই ৷
কামপুৰ পঞ্চায়তৰ সভাপতি হিচাপে কৰ্তব্য সম্পাদন কৰা প্ৰয়াত বৰা কামপুৰ চেনীকল স্থাপনৰ অন্যতম কাণ্ডাৰী আছিল ৷ প্ৰবীণ বিজেপি নেতা বৰাই শুক্ৰবাৰে পুৱা কামপুৰৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত প্ৰায় ২৭ দিন ধৰি কিৰণ বৰা জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন হৈ থকাৰ পিছত বৃহস্পতিবাৰে পৰিয়ালৰ লোকে ঘৰলৈ আনিছিল ৷
পাচনিঝাৰৰ কিৰণ বৰাৰ পৰলোকপ্ৰাপ্তিত সমগ্ৰ কামপুৰতে শোকৰ ছাঁ পৰিছে ৷ উল্লেখ্য যে, কামপুৰৰ সাংবাদিক সমৰেন্দ্ৰ নাৰায়ন বৰাৰ পিতৃ আছিল প্ৰয়াত কিৰণ বৰা ৷ মৃত্যুৰ সময়ত বৰাই পত্নী , তিনি পুত্ৰ আৰু এগৰাকী কন্যা এৰি থৈ গৈছে ৷